Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

মৰিগাওঁৰ আমলীঘাটত বৃত্তিগত গো-সেৱাৰ শতবৰ্ষ উৎযাপনৰ আনুষ্ঠানিক ঘোষণা অনুষ্ঠান সম্পন্ন

মৰিগাঁও, ২৮ নবেম্বৰ: মৰিগাঁও জিলাৰ আমলিঘাটৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ পঞ্জীয়নৰ গৌৰৱময় ৬৫ তম্ বৰ্ষৰ পৰা তিনিবছৰীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 'বৃত্তিগত গো-সেৱাৰ শতবৰ্ষ' উদযাপনৰ আনুষ্ঠানিক ঘোষণা অনুষ্ঠানটি দেওবাৰে আমলিঘাটস্থিত ৰৌমাৰী খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। 

উক্ত অনুষ্ঠানতে সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে তিনিগৰাকীকৈ কৃষকক প্ৰদান কৰে ২০২০, ২০২১ আৰু ২০২২ বৰ্ষৰ 'নন্দলাল উপাধ্যায় ৰাজ্যিক কৃষক বঁটা'। সেইমৰ্মে ২০২০ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় গোৱালপাৰাৰ সমন্বিত কৃষক দেৱব্ৰত ৰাভাক। একেদৰে ২০২১ বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয় বিশ্বনাথ গহপুৰৰ মৎস্য কৃষক অনুপ শৰ্মাক। আনহাতে, ২০২২ বৰ্ষৰ বাবে এই বঁটা আগবঢ়োৱা হয় বিশ্বনাথ পাভৈৰ জৈৱিক কৃষক নীলম দত্তলৈ।

ইফালে, উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিখনকৈ গ্ৰন্থৰ লগতে পদুম বৰাইলীয়ে সম্পাদনা কৰি উলিওৱা 'সীতাজখলা' শীৰ্ষক স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়। তিৱা স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা সাহিত্যিক পেঞ্চনাৰ নাৰায়ণ কুমাৰ ৰাডু কাকতিৰ সঞ্চালনাত অনুষ্ঠিত কৃষক-কৃষাণী সভাত যুৱ লেখক প্ৰকাশ কৈৰালাৰ 'ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ গোৰ্খা মুক্তিযুঁজাৰুসকল ১৮৫৭-১৯৪৭' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বিটিচিৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ইয়াৰোপৰি, হেমভাইৰ শ্ৰীমদ্ভাগৱত গীতাৰ প্ৰথম অধ্যায়ৰ চিন্তা দেৱীৰ নেপালী অনুবাদ গ্ৰন্থ উন্মোচন কৰে শান্তি সাধনা আশ্ৰমৰ অধ্যক্ষ হেমভায়ে। একেদৰে মৈত্ৰেয়ী শৰ্মাৰ 'Acceptance A Phase of Life' শীৰ্ষক কবিতা পুঠিখন উন্মোচন কৰে অসমৰ ৰাজ্যিক তথ্য আয়ুক্ত ড° সমুদ্ৰগুপ্ত কাশ্যপে। আনহাতে 'সীতাজখলা' শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই।

ইফালে, অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি প্ৰমোদ বড়োৱে কয় - অসমত পৰ্যাপ্ত গাখীৰ উৎপাদন নোহোৱাৰ বাবেই বহু শিশু আৰু গৰ্ভৱতী মহিলাই পুষ্টিহীনতাত ভোগে। সীতাজখলাক প্ৰেৰণা হিচাপে লৈ অসমত সমবায় আন্দোলনেৰে দুগ্ধ উৎপাদন অধিক শক্তিশালী কৰিলেহে এই সমস্যাৰ সমাধান হ'ব।

সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই শলাগৰ শৰাই আগবঢ়োৱা গাম্ভৰ্যপূৰ্ণ অনুষ্ঠানত গোভা ৰজা দিপসিং দেওৰজা, বিশিষ্ট সমাজসেৱক প্ৰবীণ কুমাৰ ডেকাৰ লগতে গোৰ্খা দল সংগঠনসমূহৰ কেইবাগৰাকীও নেতা আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
Previous Post Next Post