গুৱাহাটী, ২৫ নবেম্বৰ: সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী অতি উলহ-মালহেৰে পালন কৰি থকাৰ সময়তে অসম গোৰ্খা সন্মিলনেও বৃহস্পতিবাৰে ৰাজ্যজুৰি পালন কৰে বীৰ লাচিত দিৱস। গোৰ্খা সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে জিলা সমিতিসমূহে নিজ নিজ জিলাৰ মূখ্য কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচী পালন কৰাৰ উপৰিও গুৱাহাটী মহানগৰীৰ পল্টন বজাৰস্থিত কেন্দ্ৰীয় সমিতিৰ মূখ্য কাৰ্যালয় মণিকুমাৰ চুব্বা ভৱনতো পালন কৰা হয় লাচিত দিৱস।
কেন্দ্ৰীয় কাৰ্যালয় চৌহদত অনুষ্ঠিত লাচিত দিৱসৰ কাৰ্যসূচীত সংগঠনটিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু ঢকাল আৰু জয় কুমাৰ সুতাৰ উপস্থিত থাকি লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ ও পুষ্পাঞ্জলী অৰ্পণ কৰে। লগতে তেখেতসকলে বীৰ লাচিত বৰফুকনৰ ত্যাগ, সাহস আৰু বীৰত্বৰ কথা সুঁৱৰি বীৰ যোদ্ধাগৰাকীৰ দেশপ্ৰেমৰ প্ৰতি থকা ত্যাগ আৰু সমৰ্পণভাৱক অনুকৰণ কৰিবলৈ সকলোকে আহ্বান জনায়। কেন্দ্ৰীয় সাধাৰণ সম্পাদক জয় সুতাৰে সঞ্চালন কৰা অনুষ্ঠানটিত কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি যুৱৰাজ গড়তোলা, সাধাৰণ সম্পাদক বাসুদেৱ প্ৰধানৰ লগতে জিলা সমিতিৰ নেতৃবৃন্দ ও জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন শাখা সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে বুলি অসম গোৰ্খা সন্মিলনৰ মুখ্য সাধাৰণ সম্পাদক লক্ষ্মী ছেড়াইয়ে জনাই।
Post a Comment