Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত উজ্বলিল তিনিচুকীয়াৰ তিনিগৰাকীকৈ গোৰ্খা সন্তান

তিনিচুকীয়া, ০৪ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডুমডুমা ফিল'বাৰী অঞ্চলৰ ৰংপুৰ গাঁৱৰ মেধাৱী ছাত্ৰ আকাশ শৰ্মাই চিকিৎসা বিজ্ঞান (MBBS) ত নামভৰ্তিৰ সুযোগ লাভ কৰি সমগ্ৰ ফিল'বাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 

আজি প্ৰকাশিত নামভৰ্ত্তিৰ তালিকাত মেধাবী ছাত্ৰজনে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আসন লাভ  কৰি চিকিৎসক শিক্ষা গ্ৰহণৰ পথ প্ৰশস্ত কৰে।

উল্লেখযোগ্য যে, ফিল'বাৰী ডাকঘৰৰ এগৰাকী কৰ্মচাৰী পিতৃ মাতৃকা শৰ্মা আৰু শোভা শৰ্মাৰ সুযোগ্য সন্তান আকাশ শৰ্মা ফিল'বাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ।

চিকিৎসা বিজ্ঞান (MBBS) ত আসন লাভ কৰি চিকিৎসক শিক্ষা গ্ৰহণৰ বাবে পথ প্ৰশস্ত কৰা মেধাৱী ছাত্ৰ আকাশ শৰ্মাৰ বাসগৃহত আজি ফিল'বাৰী অঞ্চলৰ অগ্ৰনী সামাজিক অনুষ্ঠান বৰগাওঁ সাংস্কৃতিক সংঘৰ বিষয়ববীয়াৰ লগতে তিনিচুকীয়া জিলা গোৰ্খা ছাত্ৰ সন্থা আৰু ফিল'বাৰী আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত হৈ আকাশক ফুলাম গামোচা, গোৰ্খাসকলৰ পৰম্পৰাগত ঢাকা টুপী, খাদা আৰু ফুলৰ মালা আদিৰে সম্বৰ্ধনা জনাই।

আনহাতে, চিকিৎসা বিজ্ঞানৰ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত উজলিল ফিল'বাৰী কৃষ্ণপুৰৰ আন এগৰাকী মেধাৱী ছাত্ৰী পুনম ছেত্ৰী। 

বৰ্তমান তিনিচুকীয়াত অধ্যয়নৰত পুনমে ডিফুত চিকিৎসা শাস্ত্ৰ পঢ়িবলৈ যোগ্যতা অৰ্জন কৰাৰ লগে লগে পিতৃ-মাতৃৰ লগতে স্থানীয় লোকসকল উৎফুল্লিত হৈ পৰিছে।

উল্লেখযোগ্য যে, পুনম ছেত্ৰীৰ পিতৃ চিতাৰাম ছেত্ৰী আৰু মাতৃ কিৰণ দেবী পূৰ্বে ফিল'বাৰী কৃষ্ণপুৰ গাঁৱত বাস কৰিছিল যদিও বৰ্তমান পিতৃ ভাৰতীয় সেনাৰ Assam Rifles ত কৰ্মসূত্ৰে নাহৰকটীয়াত থাকে।

ইফালে, বৰডুমচাৰ খেৰেম তিনিআলি নিবাসী শঙ্কৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক হৰি ছেত্ৰী আৰু হেমা ছেত্ৰীৰ সুযোগ্য সন্তান শোভিত ছেত্ৰীয়েও লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত MBBS ত নামভৰ্তিৰ সুযোগ পাই অঞ্চলটোলৈ গৌৰব কঢ়িয়াই আনে।

Post a Comment

Previous Post Next Post