Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

অসমলৈ জনপ্ৰিয় মাষ্টাৰ চেফ ইণ্ডিয়াৰ ফাইনেলইষ্ট শান্তা শৰ্মা, বিভিন্ন দল সংগঠনৰ উষ্ম আদৰণি

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী: ভাৰতত ৰন্ধনৰ ওপৰত আধাৰিত জনপ্ৰিয় ৰিয়েলিটী শ্ব' মাষ্টাৰ চেফ ইণ্ডিয়া চিজন– ৭ ত সুস্বাদু ৰন্ধনেৰে বিচাৰকৰ হৃদয় জিনি চূড়ান্ত পৰ্য্যায়লৈ বাচনি হোৱা অসম সন্তান শান্তা শৰ্মা আজি কিছুদিনৰ বাবে গৃহভূমি অসমলৈ আহে।

মধ্য অসমৰ মৰিগাঁও জিলাৰ অন্তৰ্গত আমেলিঘাটৰ সীতাজখলা নিবাসী শান্তা শৰ্মা চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰ্য্যায়ত সমগ্ৰ অসম আৰু অসমবাসীক গৌৰৱান্বিত কৰি স্বগৃহলৈ অহাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসম গোৰ্খা সন্মিলন, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনাই।

উল্লেখ্য যে, অসম সন্তান শান্তা শৰ্মাই অসমীয়া আৰু অসমৰ অন্যতম জনগোষ্ঠী গোৰ্খাসকলৰ পৰম্পৰাগত খাদ্যসমূহক মাষ্টাৰ চেফ ইণ্ডিয়া প্ৰতিযোগিতাৰ জৰিয়তে ৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শন কৰি সমগ্ৰ অসমবাসীকে গৌৰৱান্বিত কৰি আহিছে।

Post a Comment

Previous Post Next Post