শোণিতপুৰ, ২২ নবেম্বৰ: সোমবাৰে নিশা ৰাজ্যত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। এখন বিয়া খাবলৈ আহি দুটা পৃথক পথ দূৰ্ঘটনাত অকালতে মৃত্যুক আকোঁৱালি ল'বলগীয়া হয় মুঠ ৭ জনকৈ লোকে।
জানিব পৰা মতে, শোনিতপুৰ জিলাৰ মিছামাৰীৰ কলাকুচি নিবাসী ৰাখাল ঘোষ নামৰ ব্যক্তিজনৰ কন্যাক বিয়া কৰিবলৈ আহিছিল বোকাখাটৰ দৰা। কিন্তু বৰযাত্ৰী হৈ আহি থকাৰ পথত দৰাৰ লগত অহা এখন ব্যক্তিগত গাড়ী কলিয়াবৰত এক শোকাবহ পথ দূৰ্ঘটনাত পতিত হয়। যাৰ ফলত দৰ পক্ষৰ ৫ জনকৈ লোকে প্ৰাণ হেৰুৱালে। তৎস্বত্বেও কইনা ঘৰত এই শোকাৱহ পথ দূৰ্ঘটনাৰ খৱৰ নিদিয়াকৈ বিৱাহ কাৰ্য সুকলমে সম্পন্ন কৰা হয়।
আনহাতে, কন্যা ঘৰৰ বিয়াৰ নিমন্ত্ৰণত অহা তেজপুৰৰ পাঁচমাইলৰ ২ জন যুৱকক আকৌ বিহগুৰিৰ টুমুকীত ট্ৰাকে মহতীয়াই নিয়াত প্ৰান হেৰুৱাই ৷ বিয়া খায় নিশা ১ বজাত তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত বাইক আৰোহি দুজনক ট্ৰাকে মহতিয়াই। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোক দুজন তেজপুৰ পাঁচমাইলৰ বিজু সিং আৰু তেজপুৰ গুটলুঙৰ সুমন তালুকদাৰ বুলি জানিব পৰা গৈছে।
বিয়া খাবলৈ আহি ৭ জনকৈ লোকে এনেদৰে প্ৰাণ হেৰুওৱাত এতিয়া সমগ্ৰ অঞ্চল জুৰি শোঁকৰ ছাঁ পৰিছে।
Post a Comment