অসমীয়াক আপোন বুলি ভবা হৰিপ্ৰসাদ ‘গোৰ্খা’ ৰায়
শিক্ষাগুৰু মিত্ৰদেৱ মহন্তই দিছিল 'গোৰ্খা ৰায়' উপাধি
—শোভিত কুমাৰ ছেত্ৰী
অসমীয়াক আপোন বুলি ভবা, অসম সাহিত্য সভাৰ লগত নিবিড় সম্বন্ধ থকা, ক’হিমা সাহিত্য সভাক মনে-প্ৰাণে ভালপোৱা, গঢ় দিওঁতা আৰু আৱাহন যুগৰ সাহিত্যিক হৰিপ্ৰসাদ ‘গোৰ্খা’ ৰায়ৰ জীবনাদৰ্শ অসম আৰু অসমীয়াক ভালপোৱা প্ৰতিজনৰে অনুপ্ৰেৰণাৰ উৎস হ’ব পাৰে৷ নিজকে ‘অসমীয়া’ ৰূপে পৰিচয় দি গৰ্ববোধ কৰা হৰিপ্ৰসাদে নিজৰ ভাষাত নগা পাহাৰীয়া গোখাৰ্লীসকলৰ বিষয়ে লিখিছে এনেদৰে নেপাল যিমানেই স্বৰ্গসদৃশ হওক লাগিলে, তথাপি অসমৰ পিতৃ পুৰুষসকলে ভাতমুঠিৰ কাৰণেই হওক নাইবা স্বাধীন বতাহত উশাহ-নিশাহ ল'বলৈকে হওক লাগিলে, নেপাল এৰি তৎকালীন অসমৰ বুকুলৈ বাগৰি আহিছিল আৰু আজীবন এই দেশৰ সেৱা কৰি এই দেশতে দেহা থৈ গৈছিল৷ আমাৰ জন্ম ইয়াতেই হ’ল, জন্মিয়েই এই সুজলা-সুফলা, শস্য-শ্যামলা মাতৃৰ কোলাত লালিত-পালিত হৈ ডাঙৰ-দীঘল হ’লোহঁক৷......... কাজেই নগা নেপালীয়েই বোলক, অসমীয়া নেপালীয়েই বোলক, নাইবা যিকোনো প্ৰান্তৰৰ গোখাৰ্লিকে বোলক, তেওঁবিলাকো সেই প্ৰান্তৰ নাগৰিক – যদিহে তেনে মানুহে তেনে ভূমিক মাতৃ বুলি চিৰকাল মানি আহিছে৷ [‘নগা পৰ্বতীয়া নেপালী’, ডিমাপুৰ সাহিত্য সভা পত্ৰিকা, দ্বিতীয় প্ৰকাশ]৷ অবিভক্ত অসমৰ নগা পাহাৰ জিলাৰ ক’হিমাৰ স্থায়ী বাসিন্দাৰূপে হৰিপ্ৰসাদ গোৰ্খা ৰায়ে অসম প্ৰেম আৰু অসমীয়া ভাষা প্ৰেমৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰি গৈছে৷
হৰিপ্ৰসাদৰ জন্ম ১৯১২ চনৰ ১৩ জুলাইত ক’হিমাত৷ পিতৃৰ নাম দিবাংগ ধনৰাজ ৰায় আৰু মাতৃৰ নাম জীৰা শোভা যশোদাৰাণী ৰায়৷ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ সৰহ কাল ক’হিমাত অতিবাহিত কৰা হৰিপ্ৰসাদৰ পিতৃপ্ৰদত্ত নাম হৰিপ্ৰসাদ ৰায়েই আছিল৷ এদিন ঘটনাক্ৰমে তেওঁ পৰিচিত হ’ল ‘গোৰ্খা’ ৰায় ৰূপে৷ এইখিনিতেই তেওঁৰ জন্ম-বৃত্তান্ত, পিতৃ পৰিচয়, পূৰ্বপুৰুষৰ কাহিনীৰ লগত কিছু পৰিচিত হোৱা প্ৰয়োজন৷ হৰিপ্ৰসাদ গোষ্ঠীগত পৰিচয়ৰে গোখাৰ্লি সম্প্ৰদায়ৰ লোক৷ ভাৰতবৰ্ষৰ বহু ঠাইত সিঁচৰিত হৈ থকাৰ দৰেই এসময়ত অবিভক্ত অসমৰ নগা পাহাৰ অধিকাৰ কৰাৰ সময়ত বৃটিছ সৈন্যবাহিনীত অন্তৰ্ভূক্ত হোৱা অনেক গোখাৰ্লি সৈনিক নগা পাহাৰত ৰৈ গৈছিল৷ এই গোখাৰ্লিসকলৰ সৰহভাগেই ক’হিমাৰ চানমাৰি অঞ্চলত সংস্থাপিত হৈছিল৷ হৰিপ্ৰসাদৰ পিতৃ ধনৰাজ ৰায় নেপালৰ পূব হিমালয়ৰ পাদদেশৰ বাসিন্দা আছিল৷ অনুমাণিক ১৮৯২ চনত ধনৰাজ ৰায়ৰ পৰিয়ালবৰ্গই ক’হিমাত নিগাজীকৈ থাকিবলৈ লয়৷ বৃটিছ সৈন্যবাহিনীৰ ছৰ্দাৰ ৰূপে কৰ্মসেৱা আগবঢ়োৱা ধনৰাজ ৰায় আছিল একাধাৰে এগৰাকী কৃষক বাঁহ-বেত-কাঠৰ শিল্পী আৰু পঞ্চায়ত নিৰ্বাচিত মূৰব্বী৷ মাতৃ যশোদাৰাণী ৰায় আছিল হৰিপ্ৰসাদৰ বহু প্ৰেৰণাৰ উৎস৷ ইংৰাজী, বঙালী, সংস্কৃত, ঊৰিয়া, মণিপুৰী, আংগামী, নেপালী আৰু অসমীয়া ভাষা সলসলিয়াকৈ ক’ব পৰা বিশাল ব্যক্তিত্বৰ অধিকাৰী হৰিপ্ৰসাদৰ অসম প্ৰেমৰ অনুপম নিদৰ্শন হ’ল তেখেতে সাহিত্য সৃষ্টিৰ বাবে বাছি লৈছিল অসমীয়া ভাষাহে৷ এবাৰ ক’হিমা সাহিত্য সভালৈ প্ৰেৰণ কৰা এটা প্ৰৱন্ধত হৰিপ্ৰসাদে লিখিছিল এনেদৰে ‘জনমে জনমে যেন অসমী আইৰ পবিত্ৰ ভূমিত জন্ম লভোঁ আৰু অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হকে গোটেই পৃথিৱীত একতা, শান্তি আৰু প্ৰগতিৰ সোঁত বোৱাই যাব পাৰোঁ৷’
হৰিপ্ৰসাদৰ শিক্ষা জীৱন আৰম্ভ হয় ক’হিমা মাইন’ৰ স্কুলত ৷ এইখন বিদ্যালয়ত শিক্ষাসূত্ৰে দহ বছৰ বয়সতে তিনিটি কিশোৰ - গোবিন্দ চন্দ্ৰ পৈৰা, ধন বাহাদুৰ সোনাৰ আৰু হৰিপ্ৰসাদ লগালগি হৈছিল৷ সেই সময়তে তিনিও বন্ধু লগলাগি অসমীয়া ভাষাৰ এখন হাতেলিখা আলোচনী উলিয়াইছিল৷ তেতিয়া তাত থকা অসমীয়া, গোখাৰ্লিকে ধৰি বিভিন্ন জনগোষ্ঠীৰ ল’ৰা-ছোৱালী বিলাকে অসমীয়া বিদ্যালয়ত পঢ়িছিল, অসমীয়া ভাষা কৈছিল আৰু আটায়ে মিলি অসমীয়াকে নিজৰ উমৈহতীয়া পৰিচয়ৰূপে আন্তৰিক আৰু অকৃত্ৰিমভাবে গ্ৰহণ কৰিছিল৷ এই তিনিও ছাত্ৰ বন্ধু পৰৱৰ্ত্তী সময়ত অসমীয়া ভাষা সাহিত্যৰ এক পৰিচিত নাম হৈ পৰিছিল৷ প্ৰাইমেৰী স্কুল সাং কৰাৰ পাছত ক’হিমাত সেইদিনত হাইস্কুল নথকাত গোবিন্দ চন্দ্ৰ আৰু ধনবাহাদুৰ নাজিৰা হাইস্কুলত অধ্যয়ন কৰিবলৈ যায়৷ আনহাতে হৰিপ্ৰসাদ পঢ়িবলৈ যায় যোৰহাট চৰকাৰী হাইস্কুললৈ৷ যোৰহাটত অধ্যয়নৰ কালছোৱা আছিল হৰিপ্ৰসাদৰ জীৱনৰ সোণোৱালী ক্ষণ৷ য’ত তেওঁ লগ পালে তেওঁৰ চিৰজীৱনৰ বিশেষকৈ সাহিত্য চৰ্চাৰ প্ৰেৰণা দিওঁতা স্বনামধন্য মিত্ৰদেৰ মহস্তক৷ সেইজনা মিত্ৰদেৱ মহন্তৰ উৎসাহ আৰু আৰ্শীবাদতেই এদিন হাতত কলম তুলি লৈছিল আৰু প্ৰথমবাৰলৈ যোৰহাট চৰকাৰী হাইস্কুলৰ আলোচনী ‘জেউতি’ত হৰিপ্ৰসাদৰ জীৱনৰ প্ৰথম ছপাৰূপ লোৱা লেখা – এটি কবিতা প্ৰকাশ পাইছিল৷ এইজনা শিক্ষাগুৰু মিত্ৰদেৱ মহন্তই সেই সময়তে কোনোবা এদিন প্ৰিয় ছাত্ৰ হৰিপ্ৰসাদক কেৱল ৰায়’ উপাধিৰ লগতে বিশেষ পৰিচয়মূলক ‘গোৰ্খা’ ৰায় উপাধি দিলে৷ পৰৱৰ্ত্তী জীৱনত এই নতুন উপাধিৰে হৰিপ্ৰসাদে বিশেষ পৰিচিতি লাভ কৰে৷ ১৯৩৪ চনত হৰিপ্ৰসাদে এইখন বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়৷ তেতিয়াই আনুষ্ঠানিক শিক্ষা জীৱনৰ যতি পৰিলেও হৰিপ্ৰসাদে পিছত প্ৰাইভেটকৈ গুৱাহাটীৰ কটন কলেজৰ পৰা বি. এ. আৰু শেষত দৰ্শন বিভাগত এম. এ. ডিগ্ৰীও অৰ্জন কৰিছিল৷ ইয়াৰ মাজতে হিন্দী শিক্ষা অব্যাহত ৰখা হৰিপ্ৰসাদে কিছুদিন বোম্বাই [এতিয়াৰ মুম্বাই] ত চিত্ৰকলাৰ প্ৰশিক্ষণও গ্ৰহণ কৰিছিল৷ চিত্ৰকলাত ৰাপ থকা হৰিপ্ৰসাদে সুন্দৰ সুন্দৰ ছবিও আঁকিছিল৷ প্ৰথমে ১৯৩৫-৩৯ চনলৈ ক’হিমা ফুলাৰ টেকনিকেল স্কুলত (FULLER TECHNICAL SCHOOL) শিক্ষকতা কৰা হৰিপ্ৰসাদে পিছত বিশ বছৰ কাল ক’হিমা চৰকাৰী হাইস্কুলত শিক্ষকতা কৰিছিল৷ দ্বিতীয় মহাসমৰৰ কালছোৱাত ১৯৪২-৪৫ লৈ যুদ্ধকালীন ভগনীয়া শিবিৰৰ কমাণ্ডেKI× আৰু এছডিঅ’ আছিল তেওঁ ৷ পিচলৈ তেওঁ চি.ডি.অক্স (Community Development Officer গ্গ হিচাপে নিযুক্তি পাইছিল৷ যুদ্ধকালীন সময়ত স্বেচ্ছাসেৱক কামৰ বাবে তেওঁ চৰকাৰৰ পৰা Certificate of Bravery সন্মানও লাভ কৰিছিল৷ সেই সময়ত ভাৰত বাৰ্মা সীমান্তত ব্ৰহ্মদেশৰ পৰা অহা ভাৰতীয় মূলৰ শৰণাৰ্থী সকলক সহায় কৰিবৰ বাবে ‘কেম্প কমাণ্ডৰ হিচাপে কাম কৰি বিচিত্ৰ অভিজ্ঞতাও অৰ্জন কৰিছিল৷ ১৯৫৬ চনত তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত উপ-সঞ্চালকৰূপে নিযুক্তি পাইছিল৷ পিছত উৰিষ্যাৰ লগতে অন্যান্য ঠাইতো উক্ত পদত মকৰল হৈছিল৷ ১৯৬৭ চনত কেন্দ্ৰ সঞ্চালকৰূপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল৷
১৯৩১ চনৰ পৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰা হৰিপ্ৰসাদে প্ৰথমাৱস্থাত সৰস্বতী, বীণা, পশুপতি আদি হাতেলিখা আলোচনী প্ৰকাশ কৰিছিল৷ পাছলৈ অসমীয়া আলোচনী ‘বাহী’ত তেওঁৰ গল্প নিয়মিত প্ৰকাশ পাইছিল৷ সেই সময়ৰ বৃটিছৰ আমোলত ক’হিমাৰ ডেপুটি কমিচনাৰে ৰাজনৈতিক পক্ষপাতিত্বৰে গল্প লিখাৰ বাবে কৰ্ট নটিচ জাৰি কৰি হৰিপ্ৰসাদক হাৰাশাস্তিও কৰিছিল৷ শেষত অৱশ্যে নিৰপৰাধী বুলি ৰেহাই দিয়া হয়৷ তদুপৰি ‘আৱাহন’, ‘মণিদ্বীপ’, ‘অসমজ্যোতি’, ‘ৰামধেনু’ আদি আলোচনী সমূহত প্ৰকাশিত লিখনীয়ে তেওঁক এগৰাকী লব্ধ প্ৰতিষ্ঠ গল্পকাৰ ৰূপে পৰিচিয় দিছিল৷ আনহাতে ‘সপোনকুঁৱৰী”, “বৈৰাগী’’, দিন আৰু ৰাতি’ আদি পুথি হৰিপ্ৰসাদৰ অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা অমূল্য অবদান৷ কবি হৰিপ্ৰসাদ গোৰ্খা ৰায়ৰ বাস্তৱধৰ্মী কবিতাসমূহে মানৱ সমাজৰ অন্তৰাত্মা জগাই তুলিছিল৷ নিয়মানুবৰ্তিতা তেওঁৰ এটি বিশেষ গুণ আছিল৷ ইয়াৰ উপৰিও ১৯৭৯ চনত তেওঁ হিন্দী আৰু নেপালী ভাষাত এখনি অভিধানো প্ৰণয়ন কৰিছিল৷ ক’হিমা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোৰ্খা ৰায় মৃত্যু পৰ্য্যন্ত শাখাটিৰ উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ১৯৫৬ চনত অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধক, নগাঁও আৰু বিহপুৰীয়া অধিৱেশনৰ গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচক হিচাপে সন্মান যঁচাৰ উপৰিও ১৯৭৫ চনত অসম সাহিত্য সভাই তেওঁক বিশেষভাৱে সম্মান জনাইছিল৷ ১৯৮৯ চনৰ ১৫ আগষ্টত অসম চৰকাৰে তেওঁক সাহিত্যিক পেঞ্চন প্ৰদান কৰিছিল৷
প্ৰাক স্বাধীনতা কালৰ নগা পাহাৰৰ ক’হিমাত, সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ পিতৃ স্বৰূপ, সাহিত্যিক পেঞ্চনাৰ পদ্মনাথ গোহাঞি বৰুৱাৰ অনুগামী হৈ আৱাহন যুগৰে পৰা ক’হিমাত অসমীয়া সাহিত্য চৰ্চা কৰা প্ৰয়াত গোবিন্দ চন্দ্ৰ পৈৰা, ধনবাহাদুৰ সোনাৰ আৰু হৰিপ্ৰসাদ গোৰ্খা ৰায়দেৱে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদান যুগজয়ী৷ এই তিনিওগৰাকী পুৰোধা ব্যক্তি উত্তৰ-পূৰ্বাঞ্চলৰ একো একোজন সংহতিৰ ৰাষ্ট্ৰদূত আছিল ৷ এই তিনিও অভিন্ন হৃদয়ৰ বন্ধুৱে ক’হিমাতে কৈশোৰ আৰু যৌৱনৰ দিনবোৰ কটাইছিল, জীৱন সংগ্ৰাম কৰিছিল৷ প্ৰেম-প্ৰীতি আৰু সৃষ্টিশীলতাৰ দিনবোৰ অতিবাহিত হৈছিল তাতেই৷ তিনিও বিশেষকৈ পৈৰা আৰু গোৰ্খা ৰায়ে অনেক মনোৰম গল্প লিখিছিল৷ গল্পবোৰ শুনি হৰিপ্ৰসাদৰ মাতৃ যশোদাৰাণী ৰায়ে সমালোচনা কৰি কেনেকুৱা হ’লে বেছি ভাল হ’ব পৰামৰ্শ দিছিল৷ সেই সময়ত তেওঁলোকৰ সৃষ্টিৰ প্ৰেৰণা আছিল তেতিয়াৰ ক’হিমাৰ জাতি-ধৰ্ম-বৰ্ণ-গোষ্ঠী-সম্প্ৰদায় নিৰ্বিশেষে অসমীয়া ভাষী ঐক্যবদ্ধ সমাজখন, যিখন সমাজৰ প্ৰত্যেকেই অসমৰ কথা কল্পনা কৰিছিল - ‘অসমী আই ৰূপে’৷ এই তিনিওৰে মাজত নিহিত সম্ভাৱনাপূৰ্ণ সৃষ্টিশীলতা আৱিস্কাৰ কৰিছিল, তেওঁলোকক মাতৃভাষা অসমীয়াত লিখিবলৈ অনুপ্ৰেৰণা যোগাইছিল বিংশ শতিকাৰ অসমৰ জাতীয়তাবাদৰ অনন্য নায়ক স্বৰূপ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সুযোগ্য ভতিজাক মাধৱচন্দ্ৰ বেজবৰুৱাই৷ অসমৰ চুকে-কোনে, পৰ্বতে-ভৈয়ামে আৰু অসমৰ বাহিৰতো দিহিঙে দিপাঙে ভ্ৰমি ফুৰা, অহৰহ অসমৰ কথাকে চিন্তা কৰা ডেকাবেজ মাধৱ চন্দ্ৰই যেতিয়া কলিকতাৰ পৰা মহাযুদ্ধৰ কঠিন পৰিৱেশ পৰিস্থিতিৰ মাজতো ‘বাঁহী’ আলোচনী প্ৰকাশ কৰি আছিল৷ সেই দিনবোৰতে তেওঁৰ সান্নিধ্যলৈ গৈছিল এই তিনি তৰুণ প্ৰতিভা৷ গোৰ্খা ৰায়ে নিজ মুখে কৈ যোৱা কথা যে— “ডেকাবেজেই তেওঁলোকক নিজহাতে সাহিত্যিকৰূপে গঢ়িলে৷ এই মাধৱচন্দ্ৰই কৈছিল— ‘ৰায়, সোনাৰ আৰু পৈৰা একেটা ডালতে ফুলা তিনিপাহ ফুল৷’
হৰিপ্ৰসাদ গোৰ্খা ৰায়ৰ অসম প্ৰেমৰ আন এক নমুনা হ’ল— গোৰ্খা ৰায়ে ক’হিমাতে মাজুলিৰ চামগুৰি সত্ৰৰ বংশীধৰ আতাৰ ওচৰত শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মত দীক্ষিত হৈছিল৷ যি কথা তেওঁ মৃত্যু পয্যন্ত গৌৰৱেৰে স্মৰণ কৰিছিল৷ ত্যাগৰ মহান আদৰ্শেৰে কৰ্মবীৰ স্বৰূপে তেওঁৰ কৰ্মময় জীৱনটোৰ জীবনাদৰ্শ আছিল অতি মহান৷ কৰ্মসংস্কৃতিৰ মাজেৰে নিজকে মহীয়ান কৰি তোলা হৰিপ্ৰসাদ সঁচা অৰ্থত এগৰাকী প্ৰকৃত অসমীয়া আছিল৷ মৃত্যুৰ কিছুদিন পূৰ্বে গুৱাহাটীৰ চিকিৎসালয়ত চিকিৎসাধীন শয্যাশায়ী গোৰ্খা ৰায়ে এগৰাকী জেষ্ঠ সাংবাদিকক কোৱা, অন্তৰত দীৰ্ঘদিন পুহি ৰখা সেই কথাষাৰে নি(য় সকলোৰে অন্তৰ স্পৰ্শ কৰিব ‘আপোনালোকেতো আমাৰ অন্তৰৰ কথা আজিও বুজা নাই৷ এই বিভাজনৰ পিছত [আমাৰ পৰা নগা পাহাৰ আঁতৰি যোৱা প্ৰসংগ] আমিহে আইক হেৰুৱালোঁ৷’ ‘এক পৰিচন্ন জীৱন যাপন কৰা ৰসাল মনৰ গৰাকী হৰিপ্ৰসাদৰ মনৰ দৃঢ়তাও আছিল অসীম৷ ১৯৭৮ চনত কানাডাত অনুষ্ঠিত পঞ্চম আন্তজাতিক কংগ্ৰেছ ভাষাতাত্বিক সন্মিলনলৈ আমন্ত্ৰিত হৰিপ্ৰসাদ গোৰ্খা ৰায়ে জীৱনত বহু পুৰস্কাৰ আৰু সন্মান লাভ কৰিছিল৷ বিশেষকৈ নেপালী সাহিত্য একাডেমীৰ নিৰ্দেশক আৰু সদস্য শ্চ[১৯৪৪-১৯৯২ বৰ্ষলৈ] ভাষা সংগ্ৰামী প্ৰতীক বঁটা [গেংটক য১৯৯৩ বৰ্ষ], পদ্মধুংগমা পুৰস্কাৰ [শান্তি নিকেতন ১৯৮৫ বৰ্ষ], ভাষা মান্যতা দিৱস পুৰস্কাৰ [চিকিম য১৯৯৬ বৰ্ষ], অসম সাহিত্য সভা, গোলাঘাটৰ খাণ্ডেলৱাল সংহতি বঁটা, [গোলাঘাটয১৯৯১ বৰ্ষ],পৰশমণি স্মৃতি সাহিত্য বঁটা [দাৰ্জিলিংয২০০০ বৰ্ষ], চিকিম সন্মান এৱাৰ্ডচ [চিকিম চৰকাৰয২০০৪ বৰ্ষ] আদি উল্লেখযোগ্য সন্মান৷ তাৰোপৰি তেওঁৰ দ্বাৰা ৰচিত “কেম্প উঠিঅ” আৰু “গোৰ্খা কো মাদল’’ শীৰ্ষত দুটি ৰচনা পশ্চিমবঙ্গ ব’ৰ্ড অৱ স্কুল এডুকেশন আৰু চিকিম ব’ৰ্ড অৱ স্কুল এডুকেশ্বনৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিল৷ প্ৰকৃততে সৰ্ব গুণসম্পন্ন জীৱিত কালতে জীৱন্ত কিম্বদত্তিৰূপে পৰিচিত হৈ পৰা হৰিপ্ৰসাদে ক’হিমা চিটিজেন ফ’ৰামৰ সন্মানীয় সভাপতিৰ আসনো অলংকৃত কৰিছিল, ধৰ্মত অটল বিশ্বাসী গোৰ্খা ৰায়ে কহিমা গীতাৰ্থী সমাজৰ প্ৰবচকৰূপে জীৱনৰ অন্তিম ক্ষণলৈকে গীতা পাঠ আৰু শিক্ষাৰে সকলো ভক্তিপ্ৰাণ ৰাইজকে দিছিল বিমল আনন্দ৷ এক পৰিপূৰ্ণ জীৱন-যাপনেৰে ২০০৫চনৰ ১৪ নবেম্বৰৰ দিনা ক’হিমাস্থিত বাসভৱনতে অগণণ গুণমুগ্ধক কন্দুৱাই ইহলীলা সামৰে অগাধ মানব প্ৰেমৰ অধিকাৰী হৰিপ্ৰসাদে৷
১৯৫২৬নত যেতিয়া অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী নলিনীবালা দেৱী ক’হিমা সাহিত্য সভালৈ আহিছিল, তেতিয়া ৰায়দেৱে এটি কবিতাৰে আদৰণি জনাইছিল আৰু তেতিয়া সভানেত্ৰীগৰাকীয়ে হৰিপ্ৰসাদক আশীৰ্বাদ দি কৈছিল— “তুমি যেন হ’ব পৰা প্ৰিয় পুত্ৰ অসমী আইৰ৷” তেজৰ পৰিচয়েৰে অসমীয়া নহ’লেও নিজৰ জীৱনজোৰা কৰ্ম আৰু সাধনাৰে নিজকে অসমী আইৰ সুযোগ্য সন্তানৰূপে গঢ়ি থৈ গ’ল হৰিপ্ৰসাদ গোৰ্খাৰায়ে ৷
আমাৰ এই লেখাটি সামৰিব খুজিছোঁ ১৯৯৪ চনত ক’হিমা সাহিত্য সভাই উদ্যাপন কৰা শতবাৰ্ষিকী অনুষ্ঠানত স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰা হৰিপ্ৰসাদ গোৰ্খা ৰায়ৰ এটি স্বৰচিত কবিতাৰে —
“হে মহান সাহিত্যাচাৰ্য
পদ্মনাথ গোহাঞি বৰুৱা
শতক বছৰ পূৰ্বে তুমি ৰুই যোৱা
পৰ্বত-ভৈয়ামৰ একতাৰ পুলি
আমাৰ এই অতি মৰমৰ মৌসনা মাত অসমীয়া
চোৱা আজি জাতিস্কাৰ নদন-বদন জাক্ জমকীয়া
ৰাখিবলৈ স্মৃতি তব
চিৰযুগমীয়া ৷
আমিও এদিন নাইকীয়া হ’ম
নেথাকিব একো, সৰগৰ গৱাক্ষ মেলি
চোৱাচোন সাহিত্য কাণ্ডাৰী
তব স্মৃতি তৰ্পনাৰ্থে সমাগত স্বনামধন্য আৰু অন্য অন্য
ধূপ-ধূণা প্ৰদীপ জ্বলাই, তব পূণ্য তৰ্পনাৰ্থে নতশিৰে
কৰিছেহি
পুতঃ পুষ্পাঞ্জলি লৈ
যোৰহাতে কৰিছোঁ প্ৰণাম
প্ৰতিবাৰ প্ৰাণখুলি দিয়া আশীৰ্বাদ৷
ক্ৰমে ক্ৰমে হ’ব মহাসভা
তব অনুগামীসকলৰ
কবিতা কোঁৱৰে আহি গাবহি কবিতা
আৰু হ’ব সাহিত্যিকৰ মুকলি সভা
বহুজন সমাগত হ’ব গ্ৰহ-নক্ষত্ৰৰ দৰে
বহু কবি, বহু কথা কাৰ-কলাকাৰৰ দলে
জিক্মিক-জিক্-মিক্ জিলিকি উঠিব এই মৰততে৷”
Post a Comment