Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

ঐতিহাসিক অসম আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ বৈজয়ন্তী দেৱী উপাধ্যায়ৰ সংক্ষিপ্ত জীৱনী

ঐতিহাসিক অসম আন্দোলন (১৯৭৯–৮৫) ৰ প্ৰথম মহিলা শ্বহীদ বৈজয়ন্তী দেৱী উপাধ্যায়ৰ জন্ম হয় ১৯৫৯ চনৰ ১৯ জুলাইত। শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি নিবাসী পিতৃ অমৰ উপাধ্যায় আৰু মাতৃ শান্তি দেৱীৰ ঔৰসত জন্ম গ্ৰহণ কৰা বৈজন্তী দেৱী তিনিজনী কন্যাৰ ভিতৰত দ্বিতীয়া কন্যা।

প্ৰায়মাৰী স্কুলৰ দেওনা পাৰ হৈ বৈজয়ন্তীয়ে শ্বিলংৰ জেইল ৰোডৰ ছোৱালী হাইস্কুলত পঢ়ে,পাছত তেজপুৰৰ বহুমুখী ছোৱালী কণ্যাবিদ্যালয়ত ভৰ্তি হয়।

বাল্যকালৰ পৰাই সাংস্কৃতিক মনোভাবাপন্ন বৈজন্তীৰ শিক্ষাৰ লগে লগে আৰম্ভ হয় সাংস্কৃতিক জীৱন। তেখেতে অসমৰ বিভিন্ন ঠাইত নৃত্য, গীত পৰিবেশন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। ১৯৭৫ চনত তেখেতে অৰুণাচলত অনুষ্ঠিত হোৱা ‘অসম অৰুণাচল ছাত্ৰৰ সাংস্কৃতিক বিনিময় সন্মিলনত অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। ১৯৭৬ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম গোৰ্খা সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন গীত-মাত আৰু বিহু পৰিবেশন কৰি যথেষ্ট কৃতিত্ব অৰ্জন কৰিছিল। সেই সন্মিলনত অংশ গ্ৰহণ কৰা তদানীন্তৰ অসমৰ মূখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই বৈজয়ন্তী দেৱীৰ বিহু নৃত্যত মুগ্ধহৈ ভাষণ প্ৰসঙ্গত কৈছিল, “বৈজয়ন্তী দেৱীয়ে অসমৰ কলা সংস্কৃতিক আঁকোৱালী লৈ বিকাশৰ কাৰণে যি চেষ্টা চলাইছে, ঠিক সেইদৰে অন্যান্য জনগোষ্ঠীৰ লোকেও যাতে বৈজয়ন্তী দেৱীৰ আদৰ্শেৰে অনুপ্ৰাণিত হয় |” (বৈজন্তী দেৱীৰ চমু জীৱন,জীতু হাজৰীকা, বৈজয়ন্তী দিৱী সোঁৱৰণী গ্ৰন্থ)


তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত চান্দমাৰী স্বেচ্ছাসেৱক বাহিনীৰ সক্ৰিয় সদস্যা বৈজয়ন্তী দেৱী। তেখেতে অসম আন্দোলনৰ আৰম্ভণিৰে পৰাই প্ৰতিটো কাৰ্য্যসূচীতে সক্ৰিয় ভাৱে অংশ গ্ৰহণ কৰিছিল।  এই গৰাকী সক্ৰিয় সদস্যাই ‘ৰণশিঙা দিৱশ’ত শঙ্খ বাদন কৰি সমস্ত গণ আন্দোলনকাৰীক উদ্বাউল কৰি তুলিছিল আৰু সেইদিনাই তেজপুৰৰ জজফিল্ডৰ ওচৰত প্ৰচেচনৰত অৱস্থাত শঙ্খ বাদনৰ ফলত মস্তিষ্ক আক্ৰান্তত অসুস্থ হৈ পৰে আৰু তেজপুৰ অসামৰিক চিকিৎসালয়ত ১৯৮০ চনৰ ১৬ আগষ্ট শনিবাৰে নিশা ৮:১৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

বৈদয়ন্তী দেৱী এগৰাকী স্পষ্টবাদী, অমায়িক আৰু মিতব্যয়ী যুৱতী আছিল | গোৰ্খা মাতৃৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰিলেও অসমীয়া আইৰ এইগৰাকী সুযোগ্য সন্তানে আইৰ কৰুণ বিননি শুনি আগবাঢ়ি আহিছিল তাইক উদ্ধাৰ কৰিবলৈ। কিন্তু ভগৱানে তেখেতক আমাৰ মাজৰ পৰা সোনকালেই কাঢ়ি লৈ গ’ল। বৈজয়ন্তী দেৱীৰ মৃত্যুত অসমে এগৰাকী শিল্পী আৰু সক্ৰিয় আন্দোলনকাৰীক হেৰুৱালে। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত বৈজয়ন্তী দেৱীয়ে প্ৰথমৰ পৰাই সক্ৰিয়ৰূপত সহযোগীতা আগবঢ়াইছিল আৰু বিশেষকৈ এগৰাকী সফল শ্লোগানকাৰী হিচাবে তেখেতে চাঞ্চল্য সৃষ্টি কৰিছিল। 

তেখেত অসম আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ আৰু শোণিতপুৰৰ প্ৰথম শ্বহীদ আছিল। অসম আন্দোলনৰ সময়ত অসম মাতৃক বিদেশীমুক্ত কৰিবলৈ ৬ জনকৈ গোৰ্খা সন্তানেও প্ৰাণ আহুতি দিছিল। সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰা অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ ভিতৰত বৈজয়ন্তী দেৱী আৰু পাঁচ গৰাকী গোৰ্খাৰো নাম উল্লেখ আছে।

উৎস: ওম প্ৰকাশ বস্নেত।

Post a Comment

Previous Post Next Post