ডিজিটেল ডেক্স, ২২ মে: আজি ঘোষণা কৰা হ’ব ৰাজ্যৰ বহু প্ৰত্যাশিত মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। এই কথা টুইটযোগে জনালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰী গৰাকীয়ে টুইটযোগে ফলাফল ঘোষণাৰ কথা উল্লেখ কৰাৰ ওপৰিও নিম্নোক্ত ৱেবচাইটসমূহত পুৱা ১০ বজাৰ পৰা ফলাফল উপলব্ধ হ'ব বুলিও ঘোষণা কৰে। পৰীক্ষাৰ্থীসকলে নিম্নোক্ত ৱেবচাইটকেইটাতে পৰীক্ষাৰ মাৰ্কশ্বীটো লাভ কৰিব বুলিও জানিব পৰা গৈছে।
ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইটকেইটা হৈছে –
https://sebaonline.org
resultsassam.nic.in
www.indiaresults.com
www.results.shiksha
www.assam.shiksha
exametc.com
www.schools9.com
assamresults.in
www.jagranjosh.com
www.vidyavision.com
উল্লেখযোগ্য যে, এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪ লাখ ২২ হাজাৰ ১৭৪ গৰাকী পৰীক্ষাৰ্থী। ৯১২টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছিল পৰীক্ষা।
Post a Comment