গুৱাহাটী, ০৫ এপ্ৰিল: পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'বলৈ গৈ আছে টি-২০ সংস্কৰণৰ ক্ৰিকেটৰ জনপ্ৰিয় আইপিএল (IPL)।
আজি ৫ এপ্ৰিল আৰু আগন্তুক ৮ এপ্ৰিলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ক্ৰমে পাঞ্জাৱ কিংছ আৰু দিল্লী ডেয়াৰডেভিলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব দুখন মেছত।
ইতিমধ্যে দুয়োটা দলৰেই প্ৰস্তুতিও সম্পূৰ্ণ হৈ উঠিছে। আজি ঠিক সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মেচখনৰ বাবে প্ৰশাসনে ইতিমধ্যে জাৰী কৰিছে কেইবাটাও নীতি-নিৰ্দেশনা। নিৰ্ধাৰণ কৰি দিছে বৰ্ষাপাৰালৈ অহা যোৱা কৰিবলগীয়া বাট-পথ।
উল্লেখ্য যে, ৰাজস্থান ৰয়েলছত আছে অসম সন্তান ৰিয়ান পৰাগ। বিগত সংস্কৰণ কেইটাত সন্তোষজনক ফলাফল ডাঙি ধৰা ৰিয়ান পৰাগে ঘৰুৱা পৰিৱেশত কিদৰে উজলি উঠে সেইয়াও হ'ব লক্ষণীয়।
Post a Comment