দাৰ্জিলিং, ১০ এপ্ৰিল: পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে দুগৰাকী গোৰ্খা সন্তান।
জানিব পৰা মতে, অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গ তথা গোৰ্খাভূমিৰ পাহাৰীয়া জিলা কালেম্পুঙৰ কাফেৰগাওঁ নিবাসী সুৰজ তামাং আৰু পুষ্প তামাঙৰ ২৩ বছৰীয়া কন্যা সন্তান সুস্মিতা তামাং আৰু পশ্চিমবঙ্গৰে শিলিগুড়ি বাঘডোগ্ৰা নিবাসী ২১ বছৰীয়া নোৰ্বু তামাঙে ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেল চ'নী ইন্টাৰটেনমেন্ট টেলিভিশ্যন যোগে সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় নৃত্য ৰিয়েলিটী শ্ব' 'ইণ্ডিয়ান বেষ্ট ডান্সাৰ চিজন—৩' নৃত্য প্ৰতিয়োগীতাত অংশগ্ৰহণ কৰি বিচাৰকৰ লগতে প্ৰতিগৰাকী দৰ্শকক আপ্লুত কৰি তোলে।
উল্লেখযোগ্য যে, যোৱা ৮ এপ্ৰিলৰ পৰা সম্প্ৰচাৰিত হোৱা জনপ্ৰিয় ৰিয়েলিটী শ্ব' 'ইণ্ডিয়ান বেষ্ট ডান্সাৰ চিজন—৩'ত অংশ গ্ৰহণ কৰাৰ পূৰ্বেও প্ৰতিভাবান নৃত্যশিল্পী সুস্মিতা তামাঙে দেশ-বিদেশত নৃত্য প্ৰদৰ্শন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।
ইফালে, ৰাষ্ট্ৰীয় মঞ্চত উজ্বলিবলৈ সক্ষম হোৱা সুস্মিতা তামাং আৰু নোৰ্বু তামাঙৰ সাফল্যত আনন্দিত হৈ পৰিছে দাৰ্জিলিং-কালেম্পুঙবাসীৰ লগতে সম্পূৰ্ণ ভাৰতীয় গোৰ্খাসকল।
Post a Comment