বিশ্বনাথ, ১২ মাৰ্চ: শ্বহীদ নীৰজ ছেত্ৰীলৈ মৰণোত্তৰভাৱে ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ পদক প্ৰদান কৰা হৈছে।
জানিব পৰা মতে, যোৱা ১০ মাৰ্চ তাৰিখে SSB ৰ মুখ্য কাৰ্যালয়ৰ পৰা পৰিয়ালৰ লোকে গ্ৰহণ কৰে এই বিশেষ পদক।
উল্লেখ্য যে, অবিভক্ত শোণিতপুৰ জিলাৰ গহপুৰৰ কাউৰীপথাৰত জন্মগ্ৰহণ কৰা শ্বহীদ নীৰজ ছেত্ৰীয়ে ২০১৯ চনৰ ২ জুনত ছত্তিচগড়ত উগ্ৰপন্থীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত দেশৰ হকে প্ৰাণ আহুতি দিবলগীয়া হৈছিল।
Post a Comment