Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

গুৱাহাটীত ভাৰতীয় গোৰ্খা পৰিসংঘ, নৱগঠিত অসম ৰাজ্যিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান

গুৱাহাটী, ১৩ মাৰ্চ: ভাৰতীয় গোৰ্খাসকলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ একমাত্ৰ জাতীয় সংগঠন ভাৰতীয় গোৰ্খা পৰিসংঘৰ আগন্তুক ২০২৩-২৬ বৰ্ষৰ বাবে গঠিত অসম ৰাজ্যিক সমিতিয়ে ৰবিবাৰে শপত গ্ৰহণ কৰে।

গুৱাহাটী মহানগৰীৰ পল্টন বজাৰস্থিত মণি কুমাৰ চুব্বা ভৱনত সম্পন্ন হয় শপত গ্ৰহণ অনুষ্ঠান।

উক্ত শপত গ্ৰহণ অনুষ্ঠানত গোৰ্খা উন্নয়ন পৰিষদ, অসম, অসম গোৰ্খা সন্মিলন, অসম নেপালী সাহিত্য সভা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা স্বায়ত্ব শাসন দাবী সমিতিৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গকে ধৰি বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে।

Post a Comment

Previous Post Next Post