Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

অৱসৰপ্ৰাপ্ত সেনা জোৱানক ডি-ভোটাৰ সজাই উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিল নিৰ্বাচনী পঞ্জীয়ক বিষয়া


গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান জগত বাহাদুৰ ছেত্ৰীক ডি-ভোটাৰ সজাই উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিল এগৰাকী নিৰ্বাচনী পঞ্জীয়ক বিষয়া।

জানিব পৰা মতে, ৮৫ বছৰীয়া জগত বাহাদুৰ ছেত্ৰীক ১৯৯৭ চনতে ডি-ভোটাৰ ঘোষণা কৰিছিল নিৰ্বাচনী পঞ্জীয়ক বিষয়াই।

ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল জগত বাহাদুৰ ছেত্ৰীয়ে। 

ইফালে, সমগ্ৰ গোচৰৰ ৰায়দান দি উচ্চ ন্যায়ালয়ে নিৰ্বাচনী পঞ্জিয়ক বিষয়াগৰাকীক ১০ হাজাৰ টকা জৰিমনা দিবলৈ নিৰ্দেশ প্ৰদান কৰে।
উল্লেখ্য যে, ১৯৩৭ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা জগত বাহাদুৰ ছেত্ৰীয়ে ১৯৬৩ চনত ভাৰতীয় সেনাত যোগদান কৰিছিল। তেওঁ সুদীৰ্ঘ ৩৮ বছৰ দেশ সেৱা কৰি ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে।

Post a Comment

Previous Post Next Post