শোণিতপুৰ, ৪ ফেব্ৰুৱাৰী: দেশৰ ৰাজধানী চহৰ নতুন দিল্লীস্থিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত বীৰ শ্বহীদ সন্দিপ ছেত্ৰীৰ নাম খোদিত কৰা হৈছে।
জানিব পৰা মতে, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত নাম খোদিত অনুষ্ঠানত উপস্থিত হৈ অমৰ জৱানজ্যোতি শিখাত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে শ্বহীদ সন্দিপ ছেত্ৰীৰ পত্নী দীপা ছেত্ৰী।
উল্লেখ্য যে, শোণিতপুৰ জিলাৰ লখৰা নিবাসী শ্বহীদ সন্দিপ ছেত্ৰীয়ে ২০০৩ চনৰ ৪ জানুৱাৰীৰ দিনাখন কোহিমাত সন্ত্ৰাসবাদীৰে হোৱা প্ৰচণ্ড গুলিয়াগুলীত দেশৰ হকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল।
Post a Comment