কোকৰাঝাৰ, ০৫ ফেব্ৰুৱাৰী: যোৱা ৪ আৰু ৫ ফেব্ৰুৱাৰীৰ দিনাখন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কোকৰাঝাৰ জিলা সমিতি গোৰ্খা ছাত্ৰ সন্থাৰ ১৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন ও প্ৰতিনিধি সভা অনুষ্ঠিত হয়।
জানিব পৰা মতে, কোকৰাঝাৰ জিলাৰ ঝাৰবাৰীস্থিত খলাছি লালীগুৰাচ খেলপথাৰত অনুষ্ঠিত হোৱা ১৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰথম দিনাখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়।
উক্ত প্ৰতিনিধি সভাত আগন্তুক দুবছৰ কাৰ্যকালৰ বাবে কোকৰাঝাৰ জিলা সমিতি গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি পদত মুকুন্দ ভট্টৰাই আৰু সাধাৰণ সম্পাদক পদত ৰোচন লিম্বু নিৰ্বাচিত হয়।
Post a Comment