আজি ভোগালীৰ উৰুকা। হেঁপাহৰ ভোগালীক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক উছাহ, উদ্দীপনা। ৰাজ্যৰ চৌদিশে উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খাবলৈ চলিছে ব্যাপক প্ৰস্তুতি।
উৰুকাৰ নিশা হেঁপাহেৰে এসাঁজ খাবলৈ পুৱাৰে পৰা বজাৰসমূহতো ভিৰ কৰিছে জনতাই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত উভৈনদী হৈ পৰিছে বিভিন্ন প্ৰকাৰৰ মাছ।
মুঠতে, এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈ সমগ্ৰ ৰাজ্যতে প্ৰতিজন অসমীয়াৰ মাজত দেখা গৈছে সীমাহীন ব্যস্ততা। উৰুকাৰ নিশা লগে-ভাগে মাছে-মঙহে এসাঁজ খাই ভোগালীক আদৰাৰ বাবে সাজু হৈ পৰিছে প্ৰতিজন অসমীয়া।
Post a Comment