হোজাই, ০৬ জানুৱাৰী: হোজাইত অসম নেপালী সাহিত্য সভাৰ ৫০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ও স্বৰ্ণ জয়ন্তী বৰ্ষ পালন কৰা হয়। যোৱা ৪ আৰু ৫ জানুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় অসম নেপালী সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস।
জানিব পৰা মতে, প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা সাহিত্য সভাৰ স্বৰ্ণ জয়ন্তী বৰ্ষ উপলক্ষে ৫০ খনকৈ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত ক্ৰমে স্মৃতি তৰ্পণ, বৃক্ষৰোপণ আৰু বহুভাষিক কবি সন্মিলনৰ পাছতে সাহিত্য সভাৰ প্ৰথম কেন্দ্ৰীয় সাধাৰণ পৰিষদ অনুষ্ঠিত হয়।
আনহাতে, দ্বিতীয় দিনাখন নেপালী সাহিত্য সভাৰ স্থায়ী সভাপতি দুৰ্গা খতিওড়াৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাত অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সভাপতি কৃষ্ণ ভূজেল, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰ্জুন ছেত্ৰী, ভাৰতীয় গোৰ্খা পৰিসংঘ ৰাষ্ট্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নিত্যনন্দ উপধ্যায়, অসম ৰাজ্যিক সমিতিৰ সভাপতি প্ৰকাশ দাহাল, গোৰ্খা উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ প্ৰেম তামাং, অসম চৰকাৰৰ লঘু উদ্যোগ বিকাশ নিগমৰ অধ্যক্ষ কিশোৰ উপাধ্যায়, অসম সংখ্যালঘু উন্নয়ন বোৰ্ডৰ অধ্যক্ষ হবীব মহম্মদ চৌধুৰী, হোজাই জিলা ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ অনুপ দেৱ, স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষকে ধৰি বিভিন্ন ভাষী সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
ইফালে, সন্ধিয়া স্থানীয় শিল্পীসকলৰ বিভিন্ন সাংস্কৃতিক নৃত্য গীত আদি প্ৰদৰ্শনেৰে সফল সামৰিক পাৰে অসম নেপালী সাহিত্য সভাৰ ৫০ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।
Post a Comment