ডিমা হাছাও, ১০ জানুৱাৰী: দেওবাৰে প্ৰথম বৃহত্তৰ হাফলং গোৰ্খা ফুটবল টুৰ্ণামেন্টৰ সফল সামৰণি পৰে।
জানিব পৰা মতে, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, হাফলং আঞ্চলিক সমিতিৰ উদ্যোগ তথা ডিমা হাছাও জিলা সমিতিৰ সহযোগত হাফলঙৰ লোদি খেলপথাৰ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ গোৰ্খা সদস্য ইচ্ছৰী প্ৰসাদ যোশী।
তাৰোপৰি প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানত ডিমা হাছাও জিলা গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰাম যোশী, উপ-সভাপতি কৈলাস ঘৰ্তী আৰু ৰাম তামাং, সাধাৰণ সম্পাদক বিবেকানন্দ যোশী, সাংগঠনিক সম্পাদক বাসু যোশী, কাৰ্যালয় সম্পাদক দিলিপ থাপা, গোৰ্খা মৌজাদাৰ গিৰীজাজ যোশী, অসম গোৰ্খা সন্মিলন ডিমা হাছাও জিলা সমিতিৰ সভাপতি ভীম বাহাদুৰ ছেত্ৰী, উপ-সভাপতি অৰ্জুন ঘিমিৰে, ভাৰতীয় গোৰ্খা পৰিসংঘ হাছাও জিলা সমিতিৰ সভাপতি ৰবীন চুব্বা, অসম নেপালী সাহিত্য সভা হাছাও জিলা সমিতিৰ সভাপতি ছবিলাল পাণ্ডে, মিত্ৰ প্ৰসাদ উপাধ্যায়, GASCO ৰ সভাপতি মধুৰাম যোশী, সমাজকৰ্মী গোপীনাথ পাণ্ডে, বাবুধন সাহী, অশোক যোশী, NCHAC ৰ যুটীয়া সম্পাদক হৃষিকেশ উপাধ্যায় আৰু গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সদস্য শিবু উপাধ্যায়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে বুলি জানিবলৈ দিয়ে গোৰ্খা ছাত্ৰ সন্থা হাফলং আঞ্চলিক সমিতিৰ সভাপতি প্ৰবীণ যোশী আৰু সাধাৰণ সম্পাদক বিশাল শৰ্মাই।
উক্ত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত খোঙচাই স্পোৰ্টছ্ ক্লাবে বিজয়ৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।
ইফালে, প্ৰথম বৃহত্তৰ হাফলং গোৰ্খা ফুটবল টুৰ্ণামেন্টৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহত্তৰ হাফলং অঞ্চলৰ পৰা ২০২২ বৰ্ষত স্নাতক মহলাত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা কীৰ্তি ছাত্ৰ-ছাত্ৰী আৰু ক্ৰীড়া ক্ষেত্ৰত OPEN NATIONAL TAKEWONDO CHAMPIONSHIP প্ৰতিযোগিতাত সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হোৱা প্ৰতিভাৱান খেলুৱৈকো সম্বৰ্ধনা জনোৱা হয়।
Post a Comment