Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

বহিঃ ৰাজ্যৰ পৰা উভতি থকাৰ পথতে সন্ধানহীন প্ৰেম উপাধ্যায়

শোণিতপুৰ, ০৯ ডিচেম্বৰ: বহিঃ ৰাজ্যৰ পৰা উভতি থকাৰ পথতে সন্ধানহীন শোণিতপুৰ জিলাৰ জামুগুৰিহাট চুতিয়াম গাঁৱৰ ৩০ বছৰীয়া শ্ৰমিক প্ৰেম উপাধ্যায়। 

জানিবলৈ দিয়া মতে, পৰশুৰাম উপাধ্যায় আৰু ৰাধিকা দেৱীৰ পুত্ৰ সন্তান প্ৰেম উপাধ্যায়ৰ যোৱা ৬ ডিচেম্বৰৰ পৰাই সন্ধান নাই।

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ পৰা যোৱা ৪ ডিচেম্বৰ তাৰিখে গুৱাহাটী হৈ বালিপাৰালৈ ৰে'লেৰে যাত্ৰা আৰম্ভ কৰা প্ৰেম উপাধ্যায় গুৱাহাটী আহি পালে ঠিকেই কিন্তু গুৱাহাটীৰ পৰা বালিপৰা আহি থকাৰ পথতে সন্ধানহীন শ্ৰমিকজন।

ইফালে প্ৰেম উপাধ্যায়ৰ ম'বাইলো বন্ধ হৈ থকাৰ ফলত অধিক চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। 

যদি কোনো ব্যক্তিয়ে প্ৰেম উপাধ্যায়ৰ সন্ধান পাই তেন্তে পৰিয়ালৰ যোগাযোগ নম্বৰ ৯১০১১৪১৯৭৭ ত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

Post a Comment

Previous Post Next Post