তিনিচুকীয়া, ১০ নবেম্বৰ: তিনিচুকীয়াৰ ডিগবৈ মহিলা মহাবিদ্যালয়ত ছাত্ৰী একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।
ডিগবৈ মহিলা মহাবিদ্যালয় ছাত্ৰী একতা সভা ২০২২-২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত গোৰ্খা ছাত্ৰ সন্থা সমৰ্থিত দুগৰাকীকৈ প্ৰাৰ্থী জয়ী হ'বলৈ সক্ষম হয়।
জানিব পৰা মতে, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থী উমা শ্ৰেষ্ঠই সমাজ সেৱা সম্পাদিকা পদত আৰু তৰ্ক আৰু সাহিত্য সম্পাদিকা পদত ৰাশি গোহাঁইয়ে জয়লাভ কৰে।
ইফালে, উক্ত জিলাৰে ডুমডুমা মহাবিদ্যালয় ছাত্ৰ একতা সভা- ২০২২-২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচনতো গোৰ্খা ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থী ৰিয়া লিম্বুয়ে ছাত্ৰী জিৰণি কোঠা পদত জয়লাভ কৰিবলৈ সক্ষম হয়।
Post a Comment