Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

ওদালগুৰি ৰৌতাৰ ৩৭ বছৰীয়া খ্যাম প্ৰসাদ যোগী নিৰুদ্দেশ, চিন্তিত পৰিয়ালৰ লোক

ওদালগুৰি, ০১ নবেম্বৰ: ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতাৰ ২ নং ধনশিৰি নিবাসী খ্যাম প্ৰসাদ যোগী নামৰ এগৰাকী ব্যক্তি নিৰুদ্দেশ হৈ আছে।

পৰিয়ালৰ মতে, যোৱা ২৮ অক্টোবৰৰ দিনাখন বেলশিৰীস্থিত ভগ্নীৰ ঘৰলৈ ভাইটিকা লগাবলৈ গৈ নিজ ভগ্নীৰ হাতেৰে ভাইফোঁট লগাই ঘৰলৈ বুলি মুৰ্ককচেলেং-ৰঙিয়া যাত্ৰীবাহী ৰেলত উঠাৰ পাছৰ পৰাই এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে ৩৭ বছৰীয়া খ্যাম প্ৰসাদ যোগী। 

মুখেৰে কথা ক'বলৈ নোৱাৰা খ্যাম প্ৰসাদ যোগীয়ে বগা টি-চাৰ্ট আৰু নীলা ৰঙৰ লং পেন্ট পৰিধান কৰা বুলি পৰিয়ালৰ লোকে জনাই।

ইফাল, খ্যাম প্ৰসাদ যোগী নিৰুদ্দেশ হৈ থকাত চিন্তিত হৈ পৰিছে পৰিয়াল সদস্যসকল। যদিহে লোকজনক কোনো সদাশয় ব্যক্তিয়ে কৰোৱাত দেখে তেন্তে পৰিয়ালৰ ম'বাইল নম্বৰ 7578044603 ত যোগাযোগত পৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Post a Comment

Previous Post Next Post