Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

শদিয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন, গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাৰ্থী জয়ী

তিনিচুকীয়া, ০১ নবেম্বৰ: সোমবাৰে তিনিচুকীয়া জিলাৰ এক অগ্ৰণী শিক্ষানুষ্ঠান শদিয়া মহাবিদ্যালয়ত ছাত্ৰ একতা সভা ২০২২-২৩ বৰ্ষৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। 

উক্ত নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই প্ৰক্ষেপ কৰা তিনিগৰাকীকৈ প্ৰাৰ্থী ক্ৰমে সহ: সাধাৰণ সম্পাদক পদত বিশাল অধিকাৰী, ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত হিতেশ ছেত্ৰী আৰু ছাত্ৰী জিৰণি কোঠা সম্পাদিকা পদত সপ্না থাপাই জয়লাভ কৰে। 

উল্লেখযোগ্য যে, শদিয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা ২০২২-২৩ বৰ্ষৰ নিৰ্বাচনত ৯ টা পদত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল গোৰ্খা ছাত্ৰ সন্থাই।

Post a Comment

Previous Post Next Post