কোকৰাঝাৰ, ১৩ চেপ্তেম্বৰ: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, নৱগঠিত বড়োলেণ্ড বিশ্ববিদ্যালয় গোটে আজি শপত গ্ৰহণ কৰে।
জানিবলৈ দিয়া মতে, কোকৰাঝাৰৰ বালাগাওঁত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান।
কোকৰাঝাৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তত্বাৱধানত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠান উপস্থিত থাকে কোকৰাঝাৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মুকুন্দ ভট্টৰাই, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য অমৃত খড্কাকে ধৰি কেইবাগৰাকীও ছাত্ৰ নেতা-কৰ্মী।
উল্লেখ্যযোগ্য যে, যোৱা ২৪ আগষ্ট তাৰিখে প্ৰভাকৰ ছেত্ৰীক সভাপতি আৰু গংগা ছেত্ৰীক সাধাৰণ সম্পাদিকা হিচাপে বাছনি কৰি ২১ জনীয়া শক্তিশালী গোৰ্খা ছাত্ৰ সন্থাৰ বড়োলেণ্ড বিশ্ববিদ্যালয় গোট গঠন কৰা হৈছিল।
Post a Comment