গুৱাহাটী, ১৩ চেপ্তেম্বৰ: গোৰ্খাসকলৰ দীৰ্ঘদিনীয়া দাবী গোৰ্খা স্বায়ত্ব শাসনৰ দাবীৰে গুৱাহাটীৰ চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে গোৰ্খা ছাত্ৰ সন্থাই।
জানিব পৰা মতে, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অহা ১৯ চেপ্তেম্বৰ তাৰিখে পুৱা ১০ বজাৰ পৰা গোৰ্খা স্বায়ত্ব শাসনৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব সংগঠনটোৰ নেতা-কৰ্মীসকলে।
উল্লেখ্যযোগ্য যে, ২০২৪ চনৰ পূৰ্ৱে অসমৰ গোৰ্খাসকলক গোৰ্খা স্বায়ত্ব শাসন প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই আহিছে গোৰ্খা ছাত্ৰ সন্থাকে ধৰি অসমৰ বিভিন্ন গোৰ্খা দল সংগঠনসমূহে।
Post a Comment