Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ চনেই থাকিব লাগিব: ভাস্কৰ দাহাল


Nelive24: অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১বাহাল ৰখাৰ দাবী জনাইছে গোৰ্খা নেতা ভাষ্কৰ দাহালে। Nelive24 লৈ পঠিওৱা এক প্ৰেছ বিজ্ঞপ্তীৰ দ্বাৰা দাহালে উল্লেখ কৰে যে , অসম চুক্তিৰ আধাৰত গ্ৰহণ কৰা অবৈধ বিদেশী চিনাক্তকৰণ আৰু বহিস্কৰণৰ ভিত্তিবৰ্ষ 24 মাৰ্চ 1971 চনৰ অসমৰ সকলো শ্ৰেণীৰ ৰাইজে গ্ৰহণ কৰিছে আৰু ইয়াৰ আধাৰতে অসম তথা ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিকে ধৰি স্থায়ী বাসিন্দা সম্বন্ধীয় প্ৰামাণিক বিভিন্ন কাৰ্য সমূহত সম্পাদন কৰি আহিছে । এনে ক্ষেত্ৰত হঠাৎ যদি ভিত্তি বৰ্ষ সলনি কৰা হয় তেনে হলে বিশেষকৈ আমাৰ ৰাজ্যৰ সৰ্বসাধাৰণ নাগৰিকৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাতো নিশ্চিত বুলি দাহালে উল্লেখ কৰিছে । লগতে বিজ্ঞপ্তীত উল্লেখ কৰি দাহালে কয়ে ভিত্তিবৰ্ষ সলনি কৰাৰ ক্ষেত্ৰত কোনো সামাজিক সংস্থা বা দল সংগঠন সমূহে দীৰ্ঘদিনীয়া গণতান্ত্ৰিক আন্দোলনৰ যোগেদি নতুনকৈ ভিত্তি বৰ্ষ স্থিৰ কৰিলে আমাৰ কব লগীয়া একো নাথাকে কিন্তু অসম চুক্তিক নস্যাৎ কৰি ভিত্তি বৰ্ষ 1971 ক বাতিল কৰি অন্য এক নতুন ভিত্তি বৰ্ষ ভিত্তিহীন , বলপূৰ্বক তথা উদেশ্য প্ৰনুদিত ভাৱে নিৰ্ধাৰণ কৰিব খোজা কাৰ্য সাধাৰণ নাগৰিকৰ মাজত কোনোপধ্যে গ্ৰহণ যোগ্য নহব । কাজেই , বহুজন হিতায় , বহুজন সুখায় " নীতি অৱলম্বন কৰি প্ৰতিষ্ঠিত ভিত্তি বৰ্ষ অসম চুক্তিৰ মৰ্যদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অপৰিবৰ্তিত ৰূপত ৰখাৰ বাবে গোৰ্খা নেতা ভাস্কৰ দাহালে আহ্বান জনাইছে। 
উল্লেখযোগ্য যে ভাষ্কৰ দাহাল সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অসম গোৰ্খা সম্মিলনৰ প্ৰাক্তন সাধাৰণ সম্পাদক হয় ।

Post a Comment

Previous Post Next Post