অসমত ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে চলিছিল ঐতিহাসিক অসম আন্দোলন। অসম আৰু অসমীয়াৰ স্বাৰ্থত ৮৫৫ গৰাকী লোক শ্বহীদ হোৱা এই ঐতিহাসিক অসম আন্দোলনত ৬ গৰাকীকৈ গোৰ্খা লোকেও প্ৰাণ আহুতি দিবলগীয়া হৈছিল। তাৰে এগৰাকী আছিল শ্বহীদ বৈজয়ন্তী দেৱী।
অবিভক্ত শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিত অমৰ উপাধ্যায় আৰু শান্তি দেৱীৰ এটি সৰু পৰিয়ালত বৈজয়ন্তী দেৱীৰ জন্ম হৈছিল ১৯৫৯ চনৰ ১৯ জুলাইত। বৈজয়ন্তী দেৱী অমৰ উপাধ্যায়ৰ তিনিজনী কন্যা সন্তানৰ ভিতৰত দ্বিতীয়জনী কন্যা সন্তান আছিল।
বৈজয়ন্তী দেৱীয়ে প্ৰাথমিক শিক্ষাৰ দেওনা পাৰ হৈ শ্বিলঙৰ জেইল ৰোডৰ ছোৱালী হাইস্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি পাছত তেজপুৰৰ বহুমুখী ছোৱালী বিদ্যালয়ত নাম ভৰ্তি কৰে।
সৰুৰেপৰা সাহিত্য-সংস্কৃতিৰ লগত জড়িত হোৱা বৈজয়ন্তী দেৱীয়ে বাল্য কালতে নিজৰ বহুমূখী প্ৰতিভাৰ পৰিচয় দিছিল। তেখেতে অসমৰ বিভিন্ন ঠাইত নৃত্য, গীত পৰিবেশন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। ১৯৭৫ চনত অৰুণাচল প্ৰদেশত অনুষ্ঠিত হোৱা ‘অসম অৰুণাচল ছাত্ৰৰ সাংস্কৃতিক বিনিময় সন্মিলন' ত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। ইফালে, ১৯৭৬ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম গোৰ্খা সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন গীত-মাত আৰু বিহু নৃত্য পৰিবেশন কৰি যথেষ্ট কৃতিত্ব অৰ্জন কৰিছিল। উক্ত সন্মিলনত উপস্থিত হোৱা তদানীন্তন অসমৰ মূখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই বৈজয়ন্তী দেৱীৰ বিহু নৃত্যত মুগ্ধ হৈ ভাষণ প্ৰসঙ্গত কৈছিল-- "বৈজয়ন্তী দেৱীয়ে অসমৰ কলা সংস্কৃতিক আঁকোৱালী লৈ বিকাশৰ কাৰণে যি চেষ্টা চলাইছে, ঠিক সেইদৰে অন্যান্য জনগোষ্ঠীৰ লোকেও যাতে বৈজয়ন্তী দেৱীৰ আদৰ্শেৰে অনুপ্ৰাণিত হয়" (বৈজন্তী দেৱীৰ চমু জীৱন, জীতু হাজৰীকা, বৈজয়ন্তী দেৱী সোঁৱৰণী গ্ৰন্থ)।
বৈজয়ন্তী দেৱীয়ে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত চান্দমাৰী স্বেচ্ছাসেৱক বাহিনীৰ সক্ৰিয় সদস্যা হিচাপে অসম আন্দোলনৰ আৰম্ভণিৰে পৰাই প্ৰতিটো কাৰ্য্যসূচীতে সক্ৰিয় ভাৱে অংশ গ্ৰহণ কৰিছিল। এই গৰাকী সক্ৰিয় সদস্যাই ‘ৰণশিঙা দিৱস’ ত শঙ্খ বাদন কৰি সমস্ত গণ আন্দোলনকাৰীক সক্ৰিয় কৰি তুলিছিল আৰু সেইদিনাই তেজপুৰৰ জজ্ফিল্ডৰ ওচৰত সমদল কৰি থকা অৱস্থাত শঙ্খ বাদনৰ ফলত হঠাৎ মস্তিষ্কত আঘাত হোৱাৰ ফলত অসুস্থ হৈ পৰে। এই আঘাত ইমানেই গুৰুতৰ আছিল যে বৈজয়ন্তী দেৱীয়ে তেজপুৰ অসামৰিক চিকিৎসালয়ত ১৯৮০ চনৰ ১৬ আগষ্ট তাৰিখে নিশা ৮:১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল।
স্পষ্টবাদী, অমায়িক আৰু মিতব্যয়ী ঐতিহাসিক অসম আন্দোলনৰ প্ৰথমগৰাকী মহিলা শ্বহীদ বৈজয়ন্তী দেৱী উপাধ্যায়ৰ আজি জন্ম জয়ন্তীত শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
উৎস: সামাজিক মাধ্যম
Post a Comment