পশ্চিম কাৰ্বি আংলং, ১৮ জুলাই: যোৱা ১৫ জুলাইৰ পৰা গুৱাহাটী মহানগৰীত অনুষ্ঠিত হৈ থকা XIX JUNIOR (BOYS & GIRLS) ALL ASSAM INTER DISTRICT WUSHU CHAMPIONSHIP ত পশ্চিম কাৰ্বি-আংলঙৰ দুগৰাকী খেলুৱৈয়ে দেখুৱাইছে বিশেষ পাৰদৰ্শিতা।
জানিব পৰা মতে, পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখা গোৰ্খা গাঁৱৰ নিবাসী ৰাজ কুমাৰ তামাং আৰু অসম নেপালী সাহিত্য সভা, পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সম্পাদিকা তথা মহিলা কোষৰ মূল সম্পাদিকা ললিতা লামাৰ জ্যেষ্ঠ পুত্ৰ অমিত তামাঙে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়। আনহাতে, একেখন গাঁৱৰে বাসিন্দা দশৰথ তামাং আৰু কল্পনা তামাঙৰ পুত্ৰ হোমৰাজ লামায়ো ৬৫ কি.গ্ৰা. জুনিয়ৰ শাখাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
পশ্চিম কাৰ্বি আংলং জিলাৰ দুয়োগৰাকী প্ৰতিভাৱান খেলুৱৈৰ এনে সফলতাৰ খৱৰ বিয়পি পৰাৰ লগে লগে কাৰ্বি আংলঙৰ বিভিন্ন গোৰ্খা দল সংগঠনে দুয়োলৈ অভিনন্দন জ্ঞাপন কৰিছে।
Post a Comment