Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

কমনৱেলথ গেমছ- ২০২২ত অসম সন্তান শিৱ থাপাৰ সাফল্য

নিউজ ডেস্ক, ৩০ জুলাই: ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ- ২০২২ৰ প্ৰথমখন খেলত বক্সাৰ শিৱ থাপাৰ সাফল্য। 

অসম সন্তান শিৱ থাপাই ৱেল্টাৰ ৱেইট শাখাৰ প্ৰথম ৰাউণ্ডত পাকিস্তানী প্ৰতিদ্বন্দ্বী বক্সাৰ চুলেইমান বালোচক ৫-০ পইন্টত পৰাস্ত কৰি প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰে।

উল্লেখ্য যে, বিশ্বৰ মুঠ ৭২ খন দেশৰ ৫,০০০ ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা কমনৱেলথ গেমছ অহা ৮ আগষ্টলৈকে অনুষ্ঠিত হ’ব।

ইফালে, ১১১ জন পুৰুষ খেলুৱৈ আৰু ১০৪ গৰাকী মহিলা খেলুৱৈ অন্তৰ্ভুক্ত ২১৫ জনীয়া ভাৰতীয় দলটোৱে বাৰ্মিংহামৰ ১৫ খন ক্ৰীড়াত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

Post a Comment

Previous Post Next Post