ভাৰতক পৰাধীনতাৰ শিকলিৰ পৰা মুক্ত কৰিবলৈ ইংৰাজসকলৰ বিৰুদ্ধে সংগ্ৰাম কৰি যিসকলৰ মহান ব্যক্তিয়ে নিজৰ প্ৰাণ আহুতি দিছিল সেই মহান যোদ্ধাসকলৰ ভিতৰত এজন অন্যতম আছিল শ্বহীদ মেজৰ দুৰ্গা মল্ল। মেজৰ দূৰ্গা মল্ল ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া 'আজাদ হিন্দ ফৌজ' ৰ প্ৰথমজন বীৰ গোৰ্খা সন্তান, যিয়ে হাঁহি হাঁহি দেশৰ কাৰণে নিজৰ জীৱন উচ্ছৰ্গা কৰিছিল।
গোৰ্খা জনগোষ্ঠীৰ এই বীৰ যোদ্ধা জনৰ জন্ম ১ জুলাই ১৯১৩ চনত উত্তৰাঞ্চলৰ দেহৰাদুনৰ সমীপবৰ্তী দৈৱালাত হৈছিল। সৰুৰেপৰা দেশভক্তি আৰু সংগ্ৰামী সত্তাৰে আপ্লুত গংগাৰাম মল্ল আৰু পাৰ্ৱতী দেৱীৰ জেষ্ঠ পূত্ৰ আছিল মেজৰ দূৰ্গা মল্ল। তেওঁ সৰুৰে পৰা অত্যন্ত সাহসী আৰু স্বাভিমানী স্বভাৱৰ আছিল। ইংৰাজসকলৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে ১৯৩০ চনত কৰা দাণ্ডী যাত্ৰাৰ সময়ত দূৰ্গা মল্ল নৱম শ্ৰেণীত পঢ়ি আছিল। বয়স কম হ'লেও, তেতিয়াৰে পৰা তেওঁ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু ভাৰতৰ পৰা ইংৰাজসকলক খেদি পঠিওৱাৰ সপোন মনতে পুহি ৰাখিছিল। ১৯৩১ চনত মাত্ৰ ১৮ বছৰ বয়সতেই ধৰ্মচালালৈ গৈ ২/১ গোৰ্খা ৰাইফলছত যোগ দিছিল। তেওঁক চিগনেল হাবিল্দাৰ পদবীত পদোন্নতি কৰি ১৯৪১ চনত যুদ্ধ বহুল অঞ্চললৈ বদলি কৰা হয়। চেপ্তেম্বৰ মাহত সকলো গোৰ্খা সৈনিক মালায়াত উপস্থিত হয়। বৃটিছ চৰকাৰৰ হৈ যুদ্ধ কৰাৰ কাৰণে এদল সৈন্যই ডিছেম্বৰ মাহত মালায়াৰ জংগলত আত্মগোপন কৰি পিছত জাপানী সৈন্যৰ হাতত নিজকে বন্দী কৰোৱায়। তাৰে অন্যতম আছিল মেজৰ দূৰ্গা মল্ল। চিংগাপুৰলৈ নি জাপানী সৈন্যই দূৰ্গা মল্লক সুবাচ চন্দ্ৰ বসুৰ হাতত গতাই দিয়ে। অত্যাধীক দেশপ্ৰেমেৰে উদ্ভূদ্ধ হোৱা বাবে তেওঁ সহজতে আৰু অতি সোনকালে আজাদ হিন্দ ফৌজৰ বিষয়া সকলৰ ওচৰ ছাপিবলৈ সক্ষম হৈছিল আৰু ১৯৪২ চনত তেওঁ নিজে 'আজাদ হিন্দ ফৌজ' ত যোগদান দিছিল। নিজৰ কৰ্মদক্ষতা,অকাগ্ৰতা,বীৰত্ব আৰু জুজাৰু স্বভাৱৰ বাবে অতিসোনকালে তেওঁ 'আজাদ হিন্দ ফৌজ' ত মেজৰ পদলৈ পদোন্নতি হৈছিল। দক্ষতা আৰু কৰ্মপটুতাৰ বাবে তেওঁক গুপ্তচৰ বিভাগৰো দায়িত্ব দিয়া হৈছিল, কিন্তু গুপ্তচৰৰ কাম কৰি থকোতে কোহিমাত ১৯৪৪ চনৰ ২৭ মাৰ্চত,তেওঁ ব্ৰিটিছ চৰকাৰৰ হাতত ধৰা পৰে আৰু বিচাৰত দোষী সাব্যস্ত কৰি দিল্লীৰ লালকিল্লাত ব্ৰিটিছে তেওঁক ১৯৪৪ চনৰ ২৫ আগষ্টৰ দিনাখন ফাঁচী কাঠত ওলমাই মৃত্যু দণ্ডৰে দণ্ডিত কৰে।
ব্ৰিটিছ চৰকাৰে তেওঁক নিজৰ দোষ স্বীকাৰ কৰিলে মৃত্যু দণ্ডৰ পৰা ৰেহাই দিয়াৰ প্ৰলোভন দিছিল, কিন্তু স্বাভিমানী মল্লই তাক অগ্ৰাজ্য কৰে। সৈমান কৰোৱাই তেওঁক মৃত্যুদণ্ডৰ পৰা হাত সৰাবৰ বাবে ব্ৰিটিছ চৰকাৰে মল্লৰ পত্নী সৰদাক তেওঁৰ ওচৰলৈ আনি দোষ স্বীকাৰ কৰিবলৈকো কৈছিল, তথাপিও তেওঁ দোষ স্বীকাৰ নকৰিলে। মল্লই তেওঁৰ পত্নীক কৈছিল "মই ভাৰত বৰ্ষৰ স্বাধীনতা বাবে প্ৰাণৰ যি বলিদান দিব গৈ আছোঁ, সি অথলে নাযাব। মই নিশ্চিত যে ভৰত ইংৰাজ সকলৰ হাতৰ পৰা মুক্ত হব। মাত্ৰ কিছু সময়ৰ প্ৰয়োজন।" তেওঁ পত্নীক আৰু কৈছিল- "সাৰদা তুমি চিন্তা নকৰিবা, মই নাথাকিলেও কৌটি কৌটি ভাৰতবাসী তোমাৰ লগত আছে।" এয়াই আছিল মেজৰ দুৰ্গা মল্লৰ অন্তিম বাক্য।
গোৰ্খা জনগোষ্ঠীৰ লোকসকলে এইজন বীৰ যোদ্ধাক সোঁৱৰিবলৈ প্ৰত্যেক বছৰে ২৫ আগষ্টৰ দিনটো 'বলিদান দিৱস' হিচাপে পালন কৰি আহিছে।
ইফালে, 'ভাৰতীয় গোৰ্খা পৰিসংঘ'ৰ বিশেষ তৎপৰতাত ভাৰতৰ স্বাধীনতাৰ বাবে গোৰ্খাসকলে কৰা ত্যাগ আৰু বলিদানৰ স্বীকৃতি স্বৰূপে ২০০৪ চনত তৎকালীন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ কাৰ্যকালত দিল্লীৰ সংসদ ভৱনৰ ৫ নং প্ৰৱেশ দ্বাৰৰ সন্মুখত, মেজৰ দূৰ্গা মল্লৰ এটি প্ৰতিমূৰ্ত্তি স্থাপন কৰা হয়। এই প্ৰতিমূৰ্তিটো ভাৰতীয় গোৰ্খা সকলে দেশৰ কাৰণে দিয়া ত্যাগ, বলিদান আৰু স্বদেশ প্ৰীতিৰ এক জ্বলন্ত উদাহৰণ।
আজি এইগৰাকী মহান শ্বহীদৰ জন্ম জয়ন্তীত সম্পূৰ্ণ গোৰ্খাসকলৰ লগতে আমিও শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
Post a Comment