Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

একেৰাহে ৩০ ঘন্টা পানীত যোগ কৰি বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টা দুই গুৰু-শিষ্যৰ


গুৱাহাটী, ২১ জুন: আজি ২১ জুন অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আজি সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গুৱাহাটীত দুই গুৰু-শিষ্যৰ ব্যতিক্ৰমী প্ৰচেষ্টা। যোগাসনক অধিক জনপ্ৰিয় কৰি তোলাৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ তথা সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুং আৰু তেওঁৰ শিষ্য কুলদ্বীপ শইকীয়াই লৈছে বিশেষ পদক্ষেপ। গুৱাহাটীৰ সৰুসজাইৰ ড০ জাকিৰ হুছেইন সাঁতোৰ প্ৰকল্পত একেৰাহে ৩০ ঘন্টা সময় পানীত যোগ কৰি বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টা এই দুই গুৰু-শিষ্য বাবুল গুৰুং আৰু কুলদ্বীপ শইকীয়াৰ। সোমবাৰে ৰাতিপুৱা ১০ বজাত পানীত নামি যোগাসন আৰম্ভ কৰা এই দুই গুৰু-শিষ্যই আজি আবেলি ৪ বজাত সম্পূৰ্ণ কৰিব ৩০ ঘন্টা।

Post a Comment

Previous Post Next Post