Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

তিনিচুকীয়াৰ বুঢ়ীদিহিং নৈত ভয়ংকৰ নাও দুৰ্ঘটনা, নৈৰ বুকুত সন্ধানহীন কিৰণ থাপা!


মাৰ্ঘেৰিটা, ২০ জুন: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুনৰ বুঢ়ীদিহিং নৈত আজি এক ভয়ঙ্কৰ নাও দুৰ্ঘটনা সংঘটিত হয়। 

জানিব পৰা মতে, জাগুনৰ অসম-অৰুণাচল সংযোগী ঘাটত মেচিন নাওৰ পৰা সৰি পৰিল এখন i10 বাহন আৰু এখন মটৰ চাইকেল। মেচিন নাওৰ পৰা সৰি পৰা বাহনৰ ভিতৰত থকা এগৰাকী লোক সন্ধানহীন হৈ আছে। নৈৰ বুকুত সন্ধানহীন লোকজনৰ নাম কিৰণ থাপা (৫৮) বুলি জানিব পৰা গৈছে। 

ইতিমধ্যে, স্থানীয় লোকৰ সহযোগত বাহনখন উদ্ধাৰ কৰা হৈছে যদিও বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে গাড়ীখনৰ চলক আৰু বাইকৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই।

Post a Comment

Previous Post Next Post