বাক্সা, ১৬ জুন: বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা থকা বৰষুণৰ ফলত ৰাজ্যত বানে বিভীষিকাৰ সৃষ্টি কৰাৰ সময়তে সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ভূমিস্খলনৰ ধ্বংস লীলা। বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৰ নিকাছী ভূটানখুঁটিত অৱস্থিত পৰ্যটনস্থলী ঐতিহাসিক মইনাপুখুৰী ভূঁইচম্পা দেৱী মন্দিৰো নেৰানেপাৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে।
ভূমিস্খলনৰ ফলত মইনাপুখুৰী ভূঁইচম্পা দেৱীৰ নৱ নিৰ্মিত মন্দিৰটো পশ্চিম দিশে হালি যোৱাৰ উপৰিও মন্দিৰলৈ যোৱা পথচোৱা বিধ্বস্ত হৈ পৰে। লগতে মন্দিৰৰ কেইবাটাও স্থানত বৃহৎ ফাট্ মেলা পৰিলক্ষিত হয়।
উল্লেখ্য যে, পাহাৰৰ এটি টিলাত অৱস্থিত এই মন্দিৰটো ৰাজ্যৰ এক অন্যতম পৰ্যটনস্থলী হিচাপে গঢ়ি উঠিছিল। ৰাজ্যৰ পৰ্যটন বিভাগেও মইনাপুখুৰীক এক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ আঁচনি গ্ৰহন কৰিছিল। ৰাজ্যখনৰ লগতে বহি: ৰাজ্যৰ পৰাও বিভিন্ন ভক্তৰ সমাগম ঘটিছিল এই মন্দিৰটোত।
ইফালে জানিব পৰা মতে, ভূমিস্খলনৰ বাবে ঐতিহ্যমণ্ডিত মইনাপুখুৰী ভূঁইচম্পা দেৱী মন্দিৰ অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে।
Post a Comment