Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুক সাক্ষাৎ গোৰ্খা জনগোষ্ঠীয় দল-সংগঠনৰ, স্মাৰক পত্ৰ প্ৰদান

গুৱাহাটী, ০১এপ্ৰিল: ৰাজ্য ৪ টা গোৰ্খা জাতীয় সংগঠন ক্ৰমে অসম গোৰ্খা সন্মিলন, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, অসম নেপালী সাহিত্য সভা আৰু ভাৰতীয় গোৰ্খা পৰিসংঘৰ এটি সঁজাতি দলে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুক সাক্ষাৎ কৰে।

জানিব পৰা মতে, ৰাজ্যত নেপালী ভাষাৰ পঠন-পাঠনৰ ব্যৱস্থা সন্দৰ্ভত গোৰ্খা জাতীয় সংগঠন কেইটাই যৌথভাৱে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

ৰাজ্যৰ যিসমূহ বিদ্যালয়ত ১৫ শতাংশ বা তাতোধিক নেপালী ভাষী গোৰ্খা শিক্ষাৰ্থীসকলে  অধ্যয়ন কৰে সেই বিদ্যালয়সমূহত আধুনিক ভাৰতীয় ভাষা (MIL) বিষয় হিচাপে নেপালী ভাষাৰ পাঠদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰে এই সঁজাতি দলটোৱে।

আনহাতে, বৰ্তমান অসমত থকা নেপালী মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ নকৰাৰ লগতে ৰাজ্যৰ নেপালী মাধ্যমৰ বিদ্যালয়সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে আহ্বান জনাই শিক্ষামন্ত্ৰীক। অবশ্যে আগন্তুক দিনত ৰাজ্যত নতুনকৈ নেপালী মাধ্যমৰ বিদ্যালয়ৰ দাবী উত্থাপন নকৰাৰো কথা উল্লেখ কৰা হয়।

ইফালে, ১৯৯১ চনৰ পৰা বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত নেপালী বিষয় শিক্ষক হিচাপে কৰ্মৰত শিক্ষকসকলৰ পদসমূহ নিয়মীয়াকৰণৰ বাবেও ব্যৱস্থা ল'বলৈ দাবী জনাই সংগঠনকেইটাই।
উক্ত সঁজাতি দলটিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টিংকু পৌড়েল, কাৰ্যকৰী সম্পাদক বিকাশ পোখ্ৰেল, সদস্য ত্ৰিদেৱ বিষ্ট, অসম নেপালী সাহিত্য সভাৰ সভাপতি দূৰ্গা খতিওডা, অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক ভাস্কৰ দাহাল, ভাৰতীয় গোৰ্খা পৰিসংঘৰ উপ-সভানেত্ৰীৰ লগতে আন কেইবাগৰাকীও গোৰ্খা নেতা উপস্থিত থাকে।

Post a Comment

Previous Post Next Post