গুৱাহাটী, ২৫ মাৰ্চ: ৰাজ্যৰ প্ৰতিখন জিলাৰ শিক্ষা পৰিদৰ্শকলৈ এক জৰুৰী নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ মাধ্যমিক শিক্ষা পৰিচালকে।
ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহত নেপালী বিষয় শিক্ষকৰ পদ সৃষ্টিৰ বাবে জিলাসমূহৰ শিক্ষা পৰিদৰ্শকলৈ প্ৰেৰণ কৰা হৈছে এই নিৰ্দেশনা পত্ৰ।
ৰাজ্যৰ কিমানখন বিদ্যালয়ত শ্ৰেণীভিক্তিক কিমানগৰাকী গোৰ্খা শিক্ষাৰ্থী আছে তাৰ তথ্য বিচৰা হৈছে মাধ্যমিক শিক্ষা পৰিচালকে প্ৰেৰণ কৰা নিৰ্দেশনা পত্ৰত।
উল্লেখ্য যে, বিধানসভাত বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুয়ে নেপালী বিষয় শিক্ষকৰ পদ সৃষ্টিৰ বিষয়টো উত্থাপন কৰাৰ পাছতে তাৎক্ষণিক ভাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে লৈছে এই পদক্ষেপ।
Post a Comment