তিনিচুকীয়া, ২৪ মাৰ্চ: পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া ক্ষেত্ৰত উজ্জ্বলি উঠিল অসম সন্তান। পাঞ্জাৱৰ অমৃৎসৰত যোৱা ১৩ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈকে অনুষ্ঠিত হোৱা ৩২ তম্ চিনিয়ৰ ৰাষ্ট্ৰীয় ফেংছিং প্ৰতিযোগিতাত ডুমডুমা ৰূপাই বাগানৰ দীপা যৌশীয়ে তিনিচুকীয়া জিলাক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
তিনিচুকীয়া জিলাৰ ডুমডুমা ৰূপাই বাগান নিৱাসী ভক্তি যৌশী আৰু লক্ষ্মী যৌশীৰ কন্যা দীপা যৌশী তিনিচুকীয়া মহিলা মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাৰ্ষিকৰ এগৰাকী ছাত্ৰী।
ইফালে, ক্ৰীড়া ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাই তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই অনা প্ৰতিভাৱান খেলুৱৈ গৰাকীৰ সফলতাত উৎফুল্লিত হৈ ডুমডুমা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা আৰু ডুমডুমা মহাবিদ্যালয় গোটৰ এটা সঁজাতি দলৰ লগতে কেইবাটাও স্থানীয় দল-সংগঠন তথা মহিলা সমিতিয়ে দীপা যৌশীক ফুলাম গামোছা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনাই।
Post a Comment