Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

বিশ্বনাথত অসম গোৰ্খা সন্মিলনৰ কাৰ্যনিৰ্বাহক সভা

বিশ্বনাথ, ১৪ মাৰ্চ: দেওবাৰে
অসম গোৰ্খা সন্মিলন, বিশ্বনাথ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত অসম গোৰ্খা সন্মিলন, বিশ্বনাথ জিলা সমিতিৰ কাৰ্যবাহক সভাপতি মাধৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলাৰ সাধাৰণ সম্পাদক শান্তিৰাম কাৰ্কীয়ে।

কাৰ্যনিৰ্বাহক সভাত অহা ২৮, ২৯ আৰু ৩০ এপ্ৰিলত বাক্সা জিলাৰ নিকাচীত অনুষ্ঠিত হ'বলগীয়া অসম গোৰ্খা সন্মিলনৰ ২৭ সংখ্যক ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰা হয়।

উক্ত সভাত বিশ্বনাথ জিলা সমিতিৰ পৰা কেন্দ্ৰীয় সমিতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ  উপৰিও অসম গোৰ্খা সন্মিলন, বিশ্বনাথ জিলাৰ সাংগঠনিক দিশত বিস্তৃত ভাৱে আলোচনা কৰা হয়।

সভাত অসম গোৰ্খা সন্মিলন, বিশ্বনাথ জিলাৰ সভাপতি জয় কুমাৰ চুতাৰ, কেন্দ্ৰীয় সদস্য অৰুণ উপাধ্যায়, দীপক গজুৰেল, কেন্দ্ৰীয় মহিলা সম্পাদিকা দীপা চেত্ৰী, উপদেষ্টা হৰি প্ৰসাদ শৰ্মা, লীলা গজুৰেলকে আদি কৰি জিলাৰ আমন্ত্ৰিত সদস্য গণেশ আমগাইঁৰ লগতে জিলা পদাধিকাৰী, শাখা সমিতিৰ সভাপতি আৰু সম্পাদকসকলে মন্তব্য আগবঢ়ায়। সভাখনত বিশ্বনাথ জিলাৰ প্ৰায় ৭৬ খন‌ শাখা সমিতিৰ সভাপতি সম্পাদককে ধৰি জিলা সমিতিৰ সকলো বিষয়ববীয়া উপস্থিত থাকে।

Post a Comment

Previous Post Next Post