বোকাখাট,২৩ ফেব্ৰুৱাৰী: বোকাখাত আৰক্ষী থানাৰ অধীনৰ লতাবাৰীৰ সমীপত আজি পুৱতি নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মটৰ চাইকেল আৰু বলেৰ পিক আপ ভানৰ মাজত মুখামুখি সংঘর্ষ হয়।
নগাঁৱৰ দিশে আহি থকা এ এছ ০৬ বি চি ৫৪২৯ নম্বৰৰ বলেৰ পিকআপ ভানখনে বিপৰীত দিশৰপৰা অহা পালছাৰ বাইক নং এ ছ ১২ এ এ ৫৫৯৩ ক প্ৰচণ্ড খুন্দা মৰাত দুজন লোক থিতাতে নিহত হয়। নিহত দুজনৰ এজন বাইকসহ জ্বলি ভস্মীভূত হয়।
জানিব পৰা মতে, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক আকোঁৱালি লোৱা লোকজন শোণিতপুৰ ঢেকিয়াজুলিৰ দুৰ্গা বাহাদুৰ ছেত্ৰী আৰু নিহত আনজন ডিমাপুৰৰ বিজয় লামা বুলি চিনাক্ত কৰা হৈছে। মটৰ চাইকেলখনৰ গৰাকী দূৰ্গা বাহাদুৰ ছেত্রী বুলি জানিব পৰা গৈছে।
Post a Comment