নগাঁও, ২২ ফেব্ৰুৱাৰী: নগাঁৱৰ কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ২০২১-২২ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বৃহৎ জয়।
সোমবাৰে ঘোষিত কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ ২০২১-২২ বৰ্ষৰ সাধাৰণ নিৰ্বাচনৰ ফলাফলত ১৫ টা পদৰ ভিতৰত ১৫ টা পদতেই সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীসকলে জয়লাভ কৰিবলৈ সক্ষম হয়।
সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত গোৰ্খা ছাত্ৰ সন্থাৰ দুগৰাকী প্ৰাৰ্থী ক্ৰমে গৌৰৱ ছেত্ৰীয়ে আলোচনী সম্পাদকৰ পদত আৰু কুলদ্বীপ ছেত্ৰীয়ে তৰ্ক সম্পাদকৰ পদত জয়লাভ কৰে।
ইফালে, এই বৃহৎ জয়লাভৰ পাছতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আনন্দত নাছি-বাগি ছাত্ৰ কৰ্মীসকলে বিজয় উৎসৱ পালন কৰা দেখা যায়।
আনহাতে, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, নগাঁও জিলা সমিতিয়ে এই ফলাফলত সন্তুষ্টি প্ৰকাশ কৰি আছু-আগছুৰ প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীকে গোৰ্খাসকলৰ পৰম্পৰাগত খাদাৰে অভিনন্দন জনোৱা পৰিলক্ষিত হয়।
Post a Comment