তিনিচুকীয়া, ২০ ফেব্ৰুৱাৰী: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা সমিতি অন্তৰ্গত মাকুম আঞ্চলিক সমিতিৰ বৰহাপজান শাখা সমিতিৰ সভাপতি আদিত্য ছেত্ৰীয়ে যোৱা ৯ ফেব্ৰুৱাৰীৰ দিনাখন মাকুম বাইপাছত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক আকোঁৱালি লয়। বহুমুখী প্ৰতিভাসম্পন্ন যুৱ নেতাগৰাকীৰ কৰুণ বিয়োগত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিজন বিষয়ববীয়া মৰ্মাহত হোৱাৰ লগতে এগৰাকী যুৱ সতীৰ্থক হেৰুৱাই শোকস্তব্ধ হৈ পৰিছে তিনিচুকীয়া জিলা সমিতি।
কম বয়সীয়া ছাত্ৰ নেতা আদিত্য ছেত্ৰীৰ বাসগৃহত আজি এক শোকাকুল পৰিৱেশত আদ্য শ্ৰাদ্ধ সম্পন্ন কৰা হয়। আজি মাকুম বৰহাপজানস্থিত বাসগৃহত আদিত্য ছেত্ৰীৰ আদ্যশ্ৰাদ্ধত গোৰ্খা উন্নয়ন পৰিষদ, অসম, গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নুমল ছেত্ৰীকে আদি কৰি জিলা তথা বিভিন্ন আঞ্চলিক সমিতিৰ বহু সংখ্যক বিষয়ববীয়া উপস্থিত থাকি প্ৰয়াত আদিত্য ছেত্ৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে আদিত্য ছেত্ৰীৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
ইফালে, প্ৰয়াত আদিত্য ছেত্ৰীৰ পৱিত্ৰ আদ্যশ্ৰাদ্ধ উপলক্ষে মাকুম আঞ্চলিক সমিতিৰ সম্পাদনাত এখনি স্মৰণিকাও প্ৰকাশ কৰি উলিওৱা হয়। তিনিচুকীয়া জিলা গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰয়াত আদিত্য ছেত্ৰীৰ পৰিয়ালবৰ্গক এক শোকপত্ৰও আজি জিলা সমিতিৰ বিষয়ববীয়াই প্ৰদান কৰে।
Post a Comment