লখিমপুৰ,২০ ডিচেম্বৰ: লখিমপুৰ জিলাৰ অন্তৰ্গত ৰামপুৰৰ ১নং বগিবিল এক্স মিলেট্ৰী গাঁওত দেওবাৰে বিশাল গোৰ্খা নাগৰিক সভা অনুষ্ঠিত হয়।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা লখিমপুৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত গোৰ্খা নাগৰিক সভাত ৰামপুৰ এক্স মিলেট্ৰী গাঁওৰ গোৰ্খা ৰাইজলৈ ৰাজ্য চৰকাৰৰ বনবিভাগে জাৰি কৰা উচ্ছেদৰ জাননীৰ বিৰোধিতাৰে কেইবা সহস্ৰাধিক গোৰ্খা ৰাইজে সভাত অংশগ্ৰহণ কৰে।
১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পিছত ভাৰত চৰকাৰে গাঁওখনত সংস্থাপিত কৰা অন্যান্য থলুৱা জনগোষ্ঠীৰ লোকৰ লগতে প্ৰাক্তন গোৰ্খা সৈনিকৰ পৰিয়ালক বনবিভাগে একাধিকবাৰ উচ্ছেদৰ জাননী দিয়াক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। সেয়ে এনে অন্যায়পূৰ্ণ চৰকাৰী উচ্ছেদৰ বিৰূদ্ধে বিশাল নাগৰিক সভা আয়োজনেৰে গোৰ্খা ছাত্ৰ সন্থাই সঁকিয়নি প্ৰদান কৰে ৰাজ্য চৰকাৰক।
উক্ত সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰ্জুন ছেত্ৰী, গোৰ্খা উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা প্ৰেম তামাং আৰু অসম চৰকাৰৰ লঘু উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ কিশোৰ কুমাৰ উপাধ্যায়ে নাগৰিক সভাক সম্বোধন কৰি উচ্ছেদক লৈ শংকিত নহবলৈ ৰাইজক আহ্বান জনাই।
Post a Comment