Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

হেমলাল কাশ্যপৰ 'অবিভক্ত নলবাৰী জিলাৰ গোৰ্খাসকলৰ অৱদান' নামৰ গ্ৰন্থ উন্মোচন

বাক্সা,২০ ডিচেম্বৰ: বাক্সা জিলাৰ শ্ৰীপঞ্চমী হিমালী হাইস্কুলৰ শিক্ষক হেমলাল কাশ্যপৰ 'অবিভক্ত নলবাৰী জিলাৰ গোৰ্খাসকলৰ অৱদান' নামৰ গোৰ্খাসকলৰ ইতিহাস সম্বলিত গ্ৰন্থখন উন্মোচন কৰা হয়।

বাক্সা জিলাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্ত অঞ্চলৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান জ্ঞানপীঠ ডিগ্ৰী কলেজৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় গ্ৰন্থ উন্মোচনী সভা।

দিবাকৰ ঘিমিৰে স্মৃতি ন্যাস আৰু অসম নেপালী সাহিত্য সভা নিকাচি শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্বত কৰে অসম নেপালী সাহিত্য সভা নিকাচি শাখাৰ উপ সভাপতি উদ্ধৱ ৰেগ্মীয়ে। আনহাতে দিবাকৰ  ঘিমিৰে স্মৃতি ন্যাসৰ সম্পাদক চন্দ্র প্ৰসাদ ঘিমিৰেয়ে কৰে সভাৰ উদ্দেশ্য ব্যাখ্যা।

ওম প্ৰকাশ পোখ্ৰেলে আঁতধৰা সভাখনত গ্ৰন্থ উন্মোচক হিচাপে উপস্থিত থাকে প্ৰবক্তা তথা বিশিষ্ট প্ৰগতিশীল লেখক দ্বিজেন বৰ্মণ। অবিভক্ত নলবাৰী জিলাৰ গোৰ্খাসকলৰ অৱদান নামৰ গ্ৰন্থখন উন্মোচন কৰি উন্মোচক দ্বিজেন বৰ্মণে কয় যে- অসমত গোৰ্খাসকলৰ অৱস্থিতি অথবা ইতিহাস সম্পর্কে জানিবলৈ হ'লে এই কিতাপখন এখন দলিল। গোৰ্খাসকলৰ তথ্য সম্বলিত ইতিহাস কৃষ্টি সংস্কৃতি ঐতিহ্য আছে গ্ৰন্থখনত। উক্ত গ্ৰন্থখনত হেমলাল কাশ্যপে অবিভক্ত নলবাৰী জিলা মাত্ৰ নহয়, সমগ্ৰ অসমতে বসবাস কৰা গোৰ্খাসকলৰ অৱস্থানৰ তথ্য সম্বলিত ইতিহাস দাঙি ধৰিছে। এই কিতাবখন গোৰ্খাসকলৰ বাবে স্বাভিমানৰ এক প্ৰতিক বুলি মন্তব্য কৰাৰ লগতে তেওঁ গোৰ্খাসকলে এক বৌদ্ধিক সম্পদ পোৱাৰ উপৰিও অসমীয়া সাহিত্যই এক সম্পদ পোৱা বুলি মন্তব্য কৰে। 

ইফালে, গ্ৰন্থ উন্মোচনী সভাত উপস্থিত হৈ জ্ঞানপীঠ ডিগ্ৰী কলেজৰ অধ্যক্ষ গুণজিৎ পাঠকে কয় যে- এই কিতাপখনকলৈ মই গৰ্বিত আৰু এই কিতাপখন গোৰ্খা জাতিৰ এক দলিল।

লেখক হেমলাল কাশ্যপে উক্ত গ্ৰন্থখন পাঠকৰ বাবে উচৰ্গিত মন্তব্য কৰি গ্ৰন্থখন লিখাত তথ্য যোগান ধৰাৰ লগতে বিভিন্ন প্ৰকাৰে সহায় সহযোগীতা আগবঢ়োৱা প্ৰতিজন ব্যক্তি আৰু গ্ৰন্থ উন্মোচনী সভাত উপস্থিত মূখ্য উন্মোচকৰ লগতে সকলো ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে।

ইফালে, উক্ত গ্ৰন্থ উন্মোচনী সভাত আজাদ হিন্দ ফৌজৰ স্বতন্ত্ৰতা সেনানী স্বৰ্গীয় পূৰ্ণ বাহাদুৰ ছেত্ৰীৰ পৰিয়ালবৰ্গকো সম্বৰ্ধনা জনোৱা হয়।

উক্ত অনুষ্ঠানত সদৌ অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৃথ্বীবিলাস ভট্টৰাই, প্ৰাক্তন উপ সভাপতি সোমনাথ পৰাজুলী, জ্ঞানপীঠ ডিগ্ৰী কলেজ পৰিচালনা সমিতিৰ সভাপতি দয়ানন্দ ভাণ্ডাৰী, জ্ঞানপীঠ কলেজৰ প্ৰবক্তা মাধৱীলতা ৰামচিয়াৰী, বাক্সা জিলা সাহিত্য সভাৰ সম্পাদক কামদেৱ দাস, বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু সুবেদি, সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী, উপ-সভাপতি পাৰস পৰাজুলী আৰু নিকাচি মহিলা মঞ্চৰ সভানেত্ৰী কৃষ্ণা বৰালৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Post a Comment

Previous Post Next Post