গুৱাহাটী, ২০ ডিচেম্বৰ: আজিৰে পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম বিধান সভাৰ শীতকালীন অধিৱেশন। আজি পুৱা ৯.৩০ বজাৰ লগে লগে আৰম্ভ হৈছে অসম পঞ্চদশ বিধানসভাৰ শীতকালীন অধিৱেশন।
অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনটোত প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট আইনজ্ঞ আব্দুল মূহিব মজুমদাৰ, প্ৰাক্তন বিধায়ক পানীৰাম ৰাভা, প্ৰাক্তন বিধায়ক সাদিক মজুমদাৰ, প্ৰাক্তন বিধায়ক অতুল কুমাৰ শৰ্মা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভাস্কৰ ফাৰ্ণাণ্ডেজ আৰু সেনা সৰ্বাধিনায়ক জেনেৰেল বিপিন ৰাৱটৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভ কৰা হয় সদনৰ কামকাজ।
এই অধিৱেশনত ১৩ খনকৈ বিধেয়ক উত্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে।ইয়াৰে এখন নতুন বিধেয়ক আৰু আন ১২ খন সংশোধনী বিধেয়ক। এই বিষয়ে ইতিমধ্যে চৰকাৰে বিধানসভা কর্তৃপক্ষক অৱগত কৰিছে৷ তৃতীয় আৰু চতুর্থবর্গৰ কর্মচাৰী নিযুক্তি সম্পর্কত নতুন বিধেয়ক এখন এই অধিৱেশনত উত্থাপন হ'ব বুলি জানিব পৰা গৈছে।
সেইদৰে অসম পশুধন সুৰক্ষা, আবকাৰী, সমবায়, ভৈয়াম জনজাতি, ৰাজহ, গৃহ আদি বিভাগৰ সংশোধনী বিধেয়কো এই অধিৱেশনত উত্থাপন হ' ব বুলি জানিব পৰা গৈছে৷
শীতকালীন অধিৱেশনৰ সদনত উত্থাপিত হ' বলগীয়া সংশোধনী বিধেয়কৰ ভিতৰত আছে গো-সুৰক্ষা আইনৰো এখন সংশোধনী বিধেয়ক।
ইফালে সদনৰ প্ৰথমদিনটোতেই বিৰোধী দলমূহে, মূল্যবৃদ্ধি, গৰুখুঁটি উচ্ছেদ, যোৰহাটৰ ঘটনাক লৈ বিভিন্ন প্ৰশ্নৰে সদন উত্তাল কৰাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, অসম পঞ্চদশ বিধানসভাৰ শীতকালীন অধিৱেশন অহা ২৪ ডিচেম্বৰত অন্ত পৰিব৷
Post a Comment