তিনিচুকীয়া,২ ডিচেম্বৰ: ৰাজ্যৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীৰে বিভিন্ন সময়ত অভিনৱভাৱে প্ৰতিবাদ কৰি অহা তিনিচুকীয়া জিলাৰ অন্তৰ্গত পেঙেৰীৰ উদীয়মান যুৱক তথা সমাজ সেৱক সুভাষ তামাঙক এইবাৰ অন্য এক ৰূপত দেখিবলৈ পোৱা গৈছে।
ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিল'বাৰীৰ বাহিৰংদৈৰ পৰা পদুমপথাৰ হৈ আমগুৰি সংযোগী পথৰ দুৰৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি সাধাৰণ ৰাইজৰ লগতে বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলে দূৰ্ভোগ ভুগি আহিছে। আজি পুৱাই সুভাষ তামাঙে ব্যক্তিগত এম্বুলেন্সখন লৈ এই অঞ্চলটোৰ পৰা এগৰাকী ৰোগীক চিকিৎসালয়লৈ নিবলৈ আহি পথৰ দুৰৱস্থা দেখি এক অভিনৱ প্ৰতিবাদ কৰা দেখা গ'ল।
বাহিৰংদৈৰ-আমগুৰি সংযোগী পথ নিৰ্মাণ কৰি দিবলৈ ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাক অনুৰোধ জনাই সুভাষ তামাঙে জৰাজীৰ্ণ পথৰ ওপৰতেই সাষ্টাঙ্গে প্ৰনিপাত জনাই।
কিন্তু সুভাষ তামাঙৰ এই অনুৰোধ এতিয়া ডুমডুমাৰ বিধায়কগৰাকীয়ে কি দৰে গ্ৰহন কৰে সেয়া লক্ষ্যণীয় হ'ব।
Post a Comment