Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিৰ্বাচিত ৰাহুল ছেত্ৰী

নগাঁও, ১৮ ডিচেম্বৰ: ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পদত নিৰ্বাচিত ছাত্ৰ নেতা ৰাহুল ছেত্ৰী।

আজি নগাঁৱৰ পেচিঘাটত অনুষ্ঠিত সংগঠনটোৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত আগন্তুক কাৰ্যকালৰ বাবে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী।

ইয়াৰ পূৰ্বে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছিল ৰাহুলে।

উল্লেখযোগ্য যে, ৰাহুল ছেত্ৰীয়ে কা' আন্দোলনত এগৰাকী ছাত্ৰ নেতা হিচাপে সক্ৰিয় ভূমিকা পালন কৰিছিল। তেওঁক 𝐍𝐈𝐀 য়ে চমনো জাৰি কৰিছিল।

Post a Comment

Previous Post Next Post