Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

তামাং সাহিত্য সভাৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আদৰণি সমিতি গঠন

বিশ্বনাথ, ০৪ অক্টোবৰ: আজি তামাং সাহিত্য সভাৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আদৰণি সমিতি গঠন কৰা হয়।

জানিব পৰা মতে, বিশ্বনাথ জিলাৰ অন্তৰ্গত গলিয়া গাঁৱৰ বৌদ্ধ মন্দিৰ প্ৰাংগণত অাজি তামাং সাহিত্য সভা বিশ্বনাথ জিলা সমিতিৰ সৌজন্যত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত সংগঠনটোৰ আগন্তুক কেন্দ্ৰীয় অধিৱেশন সন্দৰ্ভত অালোচনা কৰা হয়।

গোপাল চন্দ্ৰ লামাক সভাপতি, ৰাজেশ বুলনক কাৰ্যকৰী সভাপতি, জ্যোতি প্ৰকাশ লামাক সাধাৰণ সম্পাদক, দিলীপ গজুৰেলক সচিব হিচাপে লৈ
তামাং সাহিত্য সভাৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনৰ আদৰণি সমিতিখন গঠন কৰা হয়।

তামাং সাহিত্য সভাৰ কেন্দ্ৰীয় সভাপতি কে.বি. লামাৰ উপস্থিতিত অনুষ্ঠিত এই সভাত সংগঠনটোৰ কেন্দ্ৰীয় অধিৱেশন আগন্তুক ২০২২ বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Post a Comment

Previous Post Next Post