বাক্সা, ০৭ অক্টোবৰ: ৰাজ্যত উপ-নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী। নিৰ্বাচনী ৰণত নামিছে শাসক-বিৰোধী। বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে বৃহস্পতিবাৰে ৪ গৰাকী প্ৰাৰ্থীয়ে ৰিটাৰ্নিং বিষয়াৰ ওচৰত দাখিল কৰে মনোনয়ণ পত্ৰ।
৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ণ দাখিল কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, অসম গোৰ্খা সন্মিলনৰ সাধাৰণ সম্পাদক তথা ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম প্ৰদেশ সমিতিৰ সম্পাদক ভাস্কৰ দাহালে। তেওঁক সংগ দিয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।
ইফালে, ৫৮ নং তামুলপুৰ সমষ্টিত ইউ.পি.পি.এল দলৰ প্ৰাৰ্থী হিচাপে জলেন দৈমাৰীয়ে মনোনয়ণ পত্ৰ দাখিল কৰে। অসম চৰকাৰৰ মন্ত্ৰী ৰনজিৎ কুমাৰ দাস আৰু বিটিআৰ চীফ প্ৰমোদ বড়োই সংগ দিয়ে ইউ.পি.পি.এলৰ প্ৰাৰ্থীগৰাকীক।
আনফালে, তামুলপুৰ বিধান সভা সমষ্টিৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে মনোনয়ণ দাখিল কৰে৷ মুছলপুৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা ৰাটাৰ্নি বিষয়াৰ ওচৰত মনোনয়ণ দাখিল কৰাৰ পাছত প্ৰাৰ্থী ইমানুৱেল মুছাহাৰীয়ে কয়- "মই জয়ী হমেই। ইউ.পি.পি.এলৰ পৰা দুৰ্বল প্ৰাৰ্থী দিয়াৰ বাবে প্ৰমোদ বড়োক ধন্যবাদ।" আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গণেশ কছাৰীয়েও দাখিল কৰে মনোনয়ন পত্ৰ।
Post a Comment