চিৰাং/তিনিচুকীয়া: ২১ অক্টোবৰ: অসমবাসীৰ বাবে এটি ভাল খৱৰ। পঞ্জাবৰ ৰাজধানী চহৰ চণ্ডীগড় যোৱা ১৬ আৰু ১৭ অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা জ্যোতিষ আৰু আয়ুৰ্বেদ সন্মিলনত অসমৰ দুগৰাকী জ্যোতিষী বিটিআৰৰ চিৰাং জিলা নিবাসী হেমৰাজ গৌতম আৰু তিনিচুকীয়া জিলাৰ জাগুন নিৱাসী দিলীপ শৰ্মাক জ্যোতিষ প্ৰাংগনে 'উৰ্জা- ২০২১' সন্মানেৰে সন্মানিত কৰে।
অসমৰ দুয়োগৰাকী জ্যোতিষীক জ্যোতিষ প্ৰাংগনৰ সভানেত্ৰী ড° পুনম শৰ্মাৰ লগতে পঞ্জাৱ চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰদাৰ ৰাণা গুৰজিৎ সিঙে প্ৰদান কৰে এই বঁটা।
উল্লেখ্য যে, উক্ত অনুষ্ঠানত বিশ্বৰ বিভিন্ন দেশৰ পৰা অংশগ্ৰহণ কৰা বিদ্বান জ্যোতিষী আৰু আয়ুৰ্বেদ ডাক্তৰৰ দ্বাৰা জ্যোতিষ আৰু আয়ুৰ্বেদৰ বিষয়ে চৰ্চা কৰা হয়।
Post a Comment