Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

সাংবাদিক প্ৰকাশ পৌডেললৈ 'গ্ৰাম্য সাংবাদিকতা বঁটা-২০২১'

বাক্সা, ২০ অক্টোবৰ:  ৰাজ্যৰ সাংবাদিক-সংবাদকৰ্মী সকলৰ উমৈহতীয়া মঞ্চ 'জাৰ্ণেলিষ্ট এচোচিয়েছন ফ'ৰ আসাম' চমুকৈ 'জাফা' (JAFA) ই আজি ২০২১ বৰ্ষৰ 'গ্ৰাম্য সাংবাদিকতা বঁটা' প্ৰাপকৰ নামসমূহ ঘোষণা কৰে। জাফা'ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ কুমাৰ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক বিবৃতি যোগে বঁটা প্ৰাপকৰ নামসমূহ ঘোষণা কৰে।

JAFA ACHIEVERS AWARD 2021 (For Rural Journalisim) ৰ বাবে নিৰ্বাচিত হোৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১০ গৰাকী সাংবাদিক হ'ল ক্ৰমে- প্ৰকাশ পৌডেল, নিয়মীয়া বাৰ্তা, নাওকাটা, বাক্সা,  কুশল শইকীয়া, প্ৰাগ নিউজ, লখিমপুৰ,  গৌতম কুমাৰ কাকতি, দৈনন্দিন বাৰ্তা, মৰিগাওঁ,  তৰুণ দাস, অসমীয়া খবৰ, দুনী, দৰং,  কৃষ্ণ বৰ্মন, এন ডি ২৪, চিথিলা, কোকৰাঝাৰ,  অৰুণ শৰ্মা, দ্য ছেণ্টিনেল, কলাইগাওঁ, ওদালগুৰি,  উত্তম কুমাৰ বৰ্মণ, টাইম ৮, বঙাইগাওঁ,  অৰুণ লেকথে, কেট নিউজ, কাৰ্বি আংলঙ, ইমদাদ আলী, গণস্তম্ভ, যোৰহাট আৰু  সুনিল কুমাৰ শৰ্মা, পূৰ্বাঞ্চল প্ৰহৰী, বিজনী, চিৰাং।

উল্লেখ্য যে, জাফা'ই এইবাৰ বিভিন্ন শিতানত ২৫ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানৰ বঁটা প্ৰদানৰে সন্মানিত কৰিব। এই ২৫ গৰাকী বঁটা প্ৰাপকৰ ২০ জনেই হ'ল সাংবাদিক। অন্যান্য শিতানৰ বঁটাসমূহ কেইদিন মানৰ ভিতৰতে ঘোষণা কৰা হ'ব বুলিও বিবৃতিটোত প্ৰকাশ কৰে।

Post a Comment

Previous Post Next Post