Kaanchi Multimedia

Weddings • Albums • Modeling • Birthdays

বিশ্বনাথৰ যুৱ সাহিত্যিক অঞ্জন বাচকোটাক ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ প্ৰদান

নিউজ ডেক্স, ১৭ অক্টোবৰ: অসমৰ যুৱ সাহিত্যিক অঞ্জন বাচকোটাক আজি আনুষ্ঠানিকভাৱে নেপালী ভাষাৰ ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ প্ৰদান কৰা হয়।

কৰ্ণাটকৰ ৰাজধানী বাংগালোৰ চহৰত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত অঞ্জন বাচকোটাৰ 'দৃষ্টি' নামৰ নিবন্ধ সংগ্ৰহৰ বাবে প্ৰদান কৰা হয় এই বিশেষ পুৰস্কাৰ। তেওঁক ৫০,০০০ টকাৰ লগতে সাহিত্য অকাডেমিৰ বঁটা প্ৰদান কৰা হয়।

বিশ্বনাথ জিলাৰ সমাৰদলনী নিৱাসী এগৰাকী শিক্ষক তথা যুৱ সাহিত্যিক অঞ্জন বাচকোটাই নেপালী ভাষাৰ সমান্তৰালভাৱে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাতো সাহিত্য চৰ্চা কৰি আহিছে।

ইতিমধ্যে তেওঁ নেপালী আৰু অসমীয়া ভাষাত কেইবাখনো গ্ৰন্থ লিখি উলিয়াওৱাৰ ওপৰিও বিভিন্ন আলোচনী, বাতৰি-কাকতত আদিতো তেওঁৰ বহু তথ্যভিত্তিক লিখনি প্ৰকাশ পাইছে।

Post a Comment

Previous Post Next Post