Nelive24: ওদালগুৰি, মহেন্দ্ৰ ভেটুৱাল,১৬:০৯:২০২১: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, ওদালগুৰি আঞ্চলিক সমিতি তথা ওদালগুৰি শাখা নেপালী সাহিত্য সভাৰ যৌথ উদ্যোগত চলি থকা ৪০ দিনীয়া SSC ,GD ৰ কৰ্মশালাত আজি ওদালগুৰি আৰক্ষী থানাৰ SI ৰাজীৱ নেওঁগ ডাঙৰীয়াই উপস্থিত হৈ শিক্ষাৰ্থী সকলক উৎসাহিত কৰাৰ লগতে আঞ্চলিক সমিতিৰ এই পদক্ষেপৰ প্ৰসংসা কৰে। ওদালগুৰি আঞ্চলিক সমিতিৰ সভাপতি শ্ৰীযুত মনোজ কুমাৰ ৰাওঁত ডাঙৰীয়াৰ দ্বাৰা পৰিচালিত এই কাৰ্যসূচীত উপস্থিত থাকে ওদালগুৰি জিলা সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত সোমৰাজ সোনাৰ, উপ সভাপতি শ্ৰীযুত বিমল ধিতাল, বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সহ সচিব শ্ৰীযুত পূৰ্ণ বিষ্ট,লগতে আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক টংক মগৰ আৰু আন কৰ্মকৰ্তা সকল।
এখন সৰু ভ্ৰমণসূচী লৈ আহি শিক্ষাৰ্থী সকলক উৎসাহ দিয়াৰ লগতে ওদালগুৰি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাক বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে SI ৰাজীৱ নেওঁগ ডাঙৰীয়া, জিলা সমিতিৰ লগতে বি টি চি ক্ষেত্ৰীয় সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে ওদালগুৰি আঞ্চলিক সমিতি আগ্ছুয়ে।
Post a Comment